Home অসম বিজেপিৰ প্ৰত্যাহ্বান উফৰাই চতুৰ্থবাৰলৈ বিধায়ক নিৰ্বাচিত ৰূপজ্যোতি কুৰ্মী

বিজেপিৰ প্ৰত্যাহ্বান উফৰাই চতুৰ্থবাৰলৈ বিধায়ক নিৰ্বাচিত ৰূপজ্যোতি কুৰ্মী

120
0

গণ বাৰ্তা, মৰিয়নি, ২ মে’:  বিজেপিৰ তীব্ৰ প্ৰত্যাহ্বান ওফৰাই চতুৰ্থবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে মৰিয়নিৰ কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মী । কংগ্ৰেছৰ দুৰ্গ খ্যাত মৰিয়নি বিধানসভা সমষ্টিত আজি পুনৰ উৰিল কংগ্ৰেছৰ পতাকা । আজি তিতাবৰত অনুষ্ঠিত ভোট গণনাৰ অন্তত ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিৰ ৰমণী তাঁতীক তীব্ৰ প্ৰত্যাহ্বানৰ মূৰকত ২,২৫৩ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে । আজি মুঠ ১৩টা ৰাউণ্ডৰ ভোট গণনাৰ অন্তত কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মীয়ে ৪৬,৭৭৮ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ ৰমণী তাঁতীয়ে ৪৪,৫২৫ টা ভোটহে লাভ কৰে। ফলত ২,২৫৩টা ভোটত বিজেপিৰ প্ৰাৰ্থীগৰাকী পৰাস্ত হয় । আনহাতে অসম সংগ্ৰামী মঞ্চৰ গোপাল ঘাটোৱাৰে ১,৫৫৯ টা ভোট লাভ কৰাৰ বিপৰীতে ন’টাত ২,০৪১ টা ভোট পৰে । ভোট গণনাৰ প্ৰথম দুটা ৰাউণ্ডত ৰূপজ্যোতি কুৰ্মীয়ে অগ্ৰগতি লয় যদিও তাৰ পিছৰ দুটা ৰাউণ্ডত বিজেপিৰ ৰমণী তাঁতী যথেষ্ট ভোটৰ ব্যৱধানত আগবাঢ়ি যায় । কিন্তু পঞ্চম ৰাউণ্ডৰ পৰা ৰূপজ্যোতিয়ে ব্যৱধান হ্ৰাস কৰিবলৈ ধৰে আৰু সেই গতি অব্যাহত ৰাখি দশম ৰাউণ্ডত অগ্ৰগতি লাভ কৰে । সেই অগ্ৰগতি পৰৱৰ্তী তিনিটা ৰাউণ্ডতো অব্যাহত ৰাখি অৱশেষত বিজয়ী হয়। নিৰ্বাচনী বিষয়াই বিজয়ী হোৱা বুলি ঘোষণা কৰাৰ পিছতেই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নি সমষ্টিবাসী ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ কয়- মৰিয়নিবাসী ৰাইজৰ বাবেই আজি পুনৰ জয়ী হ’বলৈ সুবিধা পালো । ৰাইজৰ ৰৈ যোৱা কামসমূহ এইবাৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম বুলি উল্লেখ কৰাৰ লগতে মৰিয়নি সমষ্টিক ৰাজ্যৰ ভিতৰতে চকুত লগা সমষ্টি হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব বুলিও তেওঁ লগতে উল্লেখ কৰে। আনহাতে এই বিজয়ৰ বাবে মৰিয়নি সমষ্টিৰ বিভিন্ন পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীৰ উপৰি তেওঁৰ পত্নী আৰু পুত্ৰকো ধন্যবাদ জ্ঞাপন কৰে । নিৰ্বাচনত এইবাৰ তেওঁ জিকাটো নিশ্চিত আছিল বুলি উল্লেখ কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়- মৰিয়নি সমষ্টিবাসী ৰাইজৰ বাবে মই কি কৰি থৈছোঁ সেয়া ৰাইজে জানে । সমষ্টিৰ বাহিৰৰ পৰা বিজেপিৰ ডাঙৰ ডাঙৰ নেতা আহি একো নাই কৰা বুলি ক’লেই নহ’ব । সেই কথাৰ প্ৰমাণ আজি মোৰ শ্ৰদ্ধাৰ সমষ্টিবাসী ৰাইজে দাঙি ধৰিলে বুলিও তেওঁ লগতে মন্তব্য কৰে । বিধানসভাৰ মজিয়াত মৰিয়নিৰ লগতে মৰিয়নিবাসীৰ সমস্যাসমূহ উপযুক্তভাৱে উপস্থাপন কৰিব বুলিও ৰূপজ্যোতি কুৰ্মীয়ে প্ৰতিশ্ৰুতি দিয়ে । উল্লেখ্য যে এইবাৰ ৰূপজ্যোতি কুৰ্মীক হৰুৱাবলৈ উঠিপৰি লাগিছিল বিজেপি দল । ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দুবাৰকৈ মৰিয়নিলৈ আহি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে ৰূপজ্যোতি কুৰ্মীক মুকলি প্ৰত্যাহ্বান জনাইছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বয়ন শিল্প মন্ত্ৰী স্মৃতি ইৰানী আদি কে’বাজনো নেতাই মৰিয়নি সমষ্টিত প্ৰচাৰ চলাইছিল। কিন্তু মূৰকত ৰূপজ্যোতিৰ ওচৰত একপ্ৰকাৰ পৰাস্ত হ’লবিজেপিৰ নেতৃত্ব । ইফালে নিৰ্বাচন আয়োগ আৰু চৰকাৰৰ নিৰ্দেশ মৰ্মে ক’ভিড প্ৰট’কল মানি মৰিয়নিত কংগ্ৰেছৰ সমৰ্থকসকলে বিজয় উৎসৱ উলিওৱাৰ পৰা বিৰত থাকে । মৰিয়নিৰ আৰক্ষীয়ে বিজয় উৎসৱ অথবা শোভাযাত্ৰা উলিওৱাত বাধা আৰোপ কৰি মাইক যোগে ঘোষণা কৰে । অৱশ্যে ৰূপজ্যোতি কুৰ্মীৰ বিজয়ৰ পিছত তেওঁৰ একাংশ সমৰ্থকে মৰিয়নি নগৰৰ লগতে সমগ্ৰ মৰিয়নি সমষ্টিৰ বিভিন্ন স্থানত ফটকা, আতচবাজী আদি ফুটাই আনন্দ প্ৰকাশ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here