Monday , September 21 2020
শেহতীয়া খবৰ

বিজেপি নেতাই মহাবিদ্যালয়ৰ ছাত্ৰীক অশ্লীল মেছেজ দিয়াক লৈ উত্তপ্ত কাকপথাৰ

গণ বাৰ্তা, কাকপথাৰ, ২৬ জুলাই ঃ ভাৰতীয় জনতা  পাৰ্টীৰ চাহ মৰ্চা নামৰ সংগঠনটোৰ ৰাজ্যিক পৰ্যায়ৰ এগৰাকী নেতাই মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰীক ছ’চিয়েল মিডিয়া ফেচবুকৰ জৰিড়তে অশ্লীল মেছেজ দিয়াক লৈ উত্তপ্ত পৰিস্থিতৰ সৃষ্টি হয় কাকপথাৰত। কাকপথাৰৰ ১৮নং লাইনৰ ডুমডুমা মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীক ২৬ জুলাই ঃ মিডিয়া ফেচবুকত অশ্লীল মেছেজ দি আতিশয্য চলাই আহিছিল লম্পট বিজেপি নেতাজনে। অৱশেষত ছাত্ৰীগৰাকীয়ে অধৈৰ্য হৈ পৰিয়ালৰ লোকক ঘটনাটোৰ বিষয়ে অৱগত কৰি কাষ চাপে কাকপথাৰ আৰক্ষীৰ। কালি নিশা ছাত্ৰীগৰাকীৰ মাতৃ মণিকা তাঁতীয়ে ছাত্ৰীগৰাকীক লগত লৈ মনোজ মানকিৰ বিৰুদ্ধে কাকপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতেই আৰক্ষীয়ে নেতাজনৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত আজি  কাকপথাৰ আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক লোকে। ধন লৈ কাকপথাৰ আৰক্ষীয়ে বিজেপি নেতাজনৰ পক্ষ লোৱাৰ গুৰুতৰ অভিযোগ আনে উপস্থিত চাহ জনগোষ্ঠীৰ ৰাইজে।  ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম সংগঠন চাহ মৰ্চাৰ অসম ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদকৰ দৰে মুখ্য দায়িত্বত থকা মনোজ মানকি কাকপথাৰ কনিষ্ঠ মহাবিদ্যালয় দৰে শিক্ষানুষ্ঠানত পৰিচালনা সমিতিৰ উপ-সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।  মনোজ মানকি নামৰ তিনি সন্তানৰ পিতৃ, প্ৰাপ্তবয়স্ক নেতাজনক গ্ৰেপ্তাৰ কৰি কাকপথাৰলৈ অনাৰ দাবীত কাকপথাৰ আৰক্ষী থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ কৰি থকাৰ সময়তে ডুমডুমা আৰক্ষী থানাত নেতাজনে আত্মসৰ্মপণ কৰিছে বুলি শেহতীয়াকৈ জানিব পৰা গৈছে ।

এইদৰে মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰীক অশ্লীল মেছেজ দি আৰক্ষীৰ মেৰপাকত সোমাই পৰা বিজেপি নেতাজনৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ’ব লক্ষ্যণীয়। উল্লেখ্য যে ইয়াৰ আগতেও ডুমডুমাৰ জনৈক লহকৰ নামৰ এগৰাকী বিবাহিত মহিলাক ফেচবুকত অশ্লীল মেছেজ দিয়াত মহিলাগৰাকীয়ে লম্পট নেতাজনৰ মেছেজসমূহ ফেচবুকৰ জৰিয়তে ৰাজহুৱা কৰি নেতাজনৰ কু-চৰিত্ৰ পোহৰলৈ অনাৰ ঘটনা সংঘটিত হৈ গৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ বুলি ফিতাহি মৰা মনোজ মানকি নামৰ নেতাজন সমাগত বিধানসভা নিৰ্বাচনত ডুমডুমা সমষ্টিৰ বিজেপি প্ৰাৰ্থিত্বৰ  অন্যতম দাবীদাৰ বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে। অৱশেষত আজি প্ৰায় তিনি ঘন্টা থানা ঘেৰাও কৰি প্ৰতিবাদ কৰাৰ অন্তত  তিনিচুকীয়া জিলাৰ আৰক্ষীৰ এটা উচ্চপদস্থ দলে কাকপথাৰ আৰক্ষী থানাত উপস্থিত হৈ বিজেপি নেতাজনক উচিত শাস্তি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি ৰাইজৰ আগত দিয়াত শাম কাটে সমগ্ৰ পৰিৱেশ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কাকপথাৰ কনিষ্ঠ মহাবিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানত পৰিচালনা সমিতিৰ দায়িত্বত থকা এনে ব্যক্তিৰ বিৰুদ্ধে এনে আপত্তিজনক মেছেজ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আৰক্ষীৰ ওচৰ পোৱা কাৰ্যই সচতেন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীক তদন্ত কৰি বিজেপিৰ জ্যেষ্ঠ নেতাজনক উচিত শাস্তি বিহাৰ দাবী জনাইছে কাকপথাৰবাসীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *