শেহতীয়া খবৰ

বিদ্যুৎ বিভাগৰ আজৱ কাণ্ডঃ মঙলদৈৰ এখন বন্ধ বিদ্যালয়ৰ এমাহৰ বিল ৭৭,৭০,৪৯৬ টকা

দৈনিক গণঅধিকাৰ, মঙলদৈঃ এখন ঘৰ নাইবা এখন বিদ্যালয়ৰ এমাহৰ বিদ্যুতৰ বিল কিমান হব পাৰে , নিম্নতম ৩০০ টকাৰ পৰা সৰ্বাধিক হয়তো ১০০০ টকা হব পাৰে । কিন্তু এই বিল যদি কেইবালাখো টকা হয় তেতিয়া আপুনি কি কৰিব । এনে এক আজৱ ঘটনাই সংঘটিত হল দৰং জিলাৰ মঙলদৈত । মঙলদৈ নগৰৰ আঠ নং ৱাৰ্ডত অৱস্থিত ‘জ্ঞান গুৰুকুল জাতীয় বিদ্যালয়’ নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এপ্ৰিল মাহৰ বিদ্যুতৰ বিল আহিল ৭৭,৭০,৪৯৬ ( ৭৭ লাখ ৭০ হাজাৰ ৪৯৬) টকা ।অবিশ্বাস্য হলেও সম্পূৰ্ণ সত্য ঘটনা । মবাইলৰ মেছেজত এই বিদ্যুতৰ বিল দেখি চকু কপালত উঠিল বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কুশল কলিতাৰ । ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কলিতাই কয় যে প্ৰতিমাহে বিদ্যালয়ৰ খনৰ নামত বিদ্যুতৰ বিল আহে ৩০০ ৰ পৰা ৪০০ টকা ।

ইপিনে মাৰাত্মক কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বিগত প্ৰায় দুমাহ ধৰি বন্ধ হৈ আছে বিদ্যালয়খন । মঙলদৈৰ শক্তি বিভাগৰ এনে আজৱ কাণ্ড এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও এবাৰ ডেৰ লাখ টকাৰ বিল আহিছিল বুলি প্ৰকাশ কৰি মঙলদৈ বিদ্যুৎ সংমণ্ডলৰ দায়িত্বত থকা একাংশ বিষয়া-কৰ্মচাৰীয়ে গ্ৰাহকক দুৰ্ব্যবহাৰ কৰাৰো অভিযোগ কৰে কলিতাই । উল্লেখযোগ্য যে মঙলদৈ শক্তি বিভাগ কাৰিকৰী দিশত যথেষ্ট আগবঢ়া যদিও বিভাগটোৰ ভিতৰচৰাত চলি থকা খেলিমেলিৰ আজিও অন্ত নপৰিল ।

বিদ্যুৎ পৰিষদৰ এনে আজৱ কাণ্ডৰ ঘটনা অৱশেষত সংবাদ মাধ্যমৰ লোকে মঙলদৈ শক্তি বিভাগক জনোৱাৰ পাছত চেতনা ঘূৰি আহে বিভাগটোৰ আৰু উক্ত বৃহৎ পৰিমাণৰ বিদ্যুতৰ বিল শুধৰাই দিবলৈ বাধ্য হয় ।উল্লেখযোগ্য যে ইয়াৰ আগতেও ডেৰলাখ টকাৰ বিল শুধৰণি কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষই বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চাৰিমাহ তাতবাতি কাৰিবলগীয়া হৈছিল বুলি জানিব পৰা গৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *