Friday , September 25 2020
শেহতীয়া খবৰ

বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে টীয়কত প্ৰাণ গ’ল এজনৰ

গণ অধিকাৰ , ২৪ আগষ্ট :  আজিৰ পৰা কিছু দিন পূৰ্বে যোৰহাট জিলাৰ টীয়কত বিদ্যুৎৰ তাঁৰত লাগি এজন ব্যক্তিৰ মৃত্যু হৈছিল আৰু আজি পুনৰ একেই ঘটনা সংঘতিত হ’ল টীয়কত ।

বিদ্যুৎ বিভাগৰ এই গাফিলতিৰ বাবেই পুনৰ প্ৰাণ গ’ল এজন লোকৰ । টীয়ক লাহিং চাহ বাগিচাৰ ভদ্ৰেশ্বৰ মাহালি নামৰ এজন ব্যক্তিৰ নিজ ঘৰৰ চুতালতে চিগি পৰি থকা বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্য সৃষ্টি কৰিছে ।

ঘটনাটো সংঘটিত হোৱাৰ খবৰ পাই টীয়ক আৰক্ষী ততাতৈয়াকৈ উক্ত স্থানত উপস্থিত হয় যদিও স্থানীয় ৰাইজে মৃতদেহ মৰণোত্তৰৰ বাবে বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰী নহা পৰ্যন্ত নিবলৈ নিদিয়ে বুলি আৰক্ষী সৈতে তৰ্ক বিতৰ্কত লিপ্ত হয় । কিন্তু যদিও পৰৱৰ্ত্তী সময়ত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *