Wednesday , September 23 2020
শেহতীয়া খবৰ

বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবীত যোৰহাটত  উত্তাল প্ৰতিবাদ ; মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ আছুৰ ,

ষ্টাফ  ৰিপৰ্টাৰ , যোৰহাট , ১০ আগষ্ট  :  সঘনাই বিদ্যুৎ কৰ্তন কৰি জনসাধাৰণক অত্যাধিক তিক্ততা প্ৰদান কৰাৰ প্ৰতিবাদত ক্ষুণ্ণ হৈ পৰিছে যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা । বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবীত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ অৰ্ধশতাধিকতকৈও অধিক সদস্যই যোৰহাটস্থিত এপিডিচিএলৰ কাৰ্য্যালয়ৰ সন্মুখত শক্তি বিভাগৰ দায়িত্বত থকা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহেৰে  প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ সন্থাৰ সদস্যসকলে ‘এপিডিচিএল হায় হায় ‘,  ‘বিদ্যুৎ যোগান নিয়মীয়া কৰক ‘ , ‘ বিদ্যুতৰ লুকা-ভাকু নেখেলিব ‘ , ‘ শক্তি বিভাগৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱালৰ কাম নাই ‘ , ‘ সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ ‘ ইত্যাদি শ্ল’গানেৰে প্ৰতিবাদস্থলীৰ আকাশ-বতাহ কঁপাই তোলে । প্ৰতিকৃতি দাহৰ পাছতেই যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুনমনি ভূঞা আৰু সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম বৰাৰ স্বাক্ষৰসম্বলিত এখন স্মাৰকপত্ৰ যোৰহাটৰ এপিডিচিএলৰ উপ মহা-প্ৰৱন্ধকক প্ৰদান কৰা হয় । প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক জুল খাউণ্ডে কয় , ২৪ ঘণ্টাই ঘৰে-ঘৰে বিদ্যুৎ যোগান ধৰিম বুলি ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰাইজক আভুৱা ভৰা এই চৰকাৰখনৰ শক্তি বিভাগটোৰ কোনো কাম নাই । স্বয়ং মুখ্যমন্ত্ৰীগৰাকী এই শক্তি বিভাগৰ দায়িত্বত থকাৰ পাছতো শক্তি বিভাগৰ এনে অকৰ্মণ্যতাই ৰাইজক বাৰুকৈয়ে অস্বস্তিত পেলাইছে । সেয়েহে আজি শক্তি বিভাগৰ দায়িত্বত থকা অকৰ্মণ্য মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অনাগত সময়ত বিদ্যুৎ যোগান নিয়মীয়া নহ’লে ধাৰাৱাহিক আৰু জংগী আন্দোলনৰ পন্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ সন্থা বাধ্য হ’ব । প্ৰতিবাদস্থলীত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক তথা যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিজয় শংকৰ বৰদলৈয়ে কয় , কৰ’ণা মহামাৰীয়ে কোঙা কৰি পেলোৱা মানৱ সভ্যতাৰ এই জটিল সময়ত লকডাউনৰ দ্বাৰা ক্ষুদ্ৰ-মজলীয়া ব্যৱসায়ী সকলকে ধৰি ছাত্ৰ-ছাত্ৰীসকল তথা সকলো স্তৰৰ ৰাইজ প্ৰভাৱিত আৰু বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হ’বলগীয়া হৈছে । শেহতীয়াকৈ যোৰহাট জিলা প্ৰশাসনে আনলক ঘোষণা কৰাৰ পাছত বিদ্যুতে যিধৰণে নগৰখনত লুকা-ভাকু খেলিছে  ইয়াৰ ফলত ক্ষুদ্ৰ-মজলীয়া ব্যৱসায়ী সকল , ছাত্ৰ-ছাত্ৰীসকল তথা সাধাৰণ ৰাইজৰ অৱস্থা অত্যাধিক শোচনীয় কৰি তুলিছে। গতিকে এই সময়ত শক্তি বিভাগৰ দায়িত্ব আছিল যিকোনো প্ৰকাৰে নিয়মীয়া বিদ্যুৎ যোগানেৰে ৰাইজক সকাহ প্ৰদান কৰা , কিন্তু তাকে নকৰি এই অকৰ্মণ্য বিভাগটোৱে কোনোধৰণৰ আগজাননী প্ৰদান নকৰাকৈ যধে-মধে ৮/৯ ঘণ্টা পৰ্যন্ত ঠায়ে-ঠায়ে বিদ্যুৎ কৰ্তন কৰি আহিছে । ইয়াৰোপৰি এই বিভাগটোৰ ফোনসেৱাৰ দায়িত্বত থকা কৰ্মচাৰীকেইজনে প্ৰায়েই ৰাইজৰ ফোনকল ৰিচিভ নকৰে । কেতিয়াবা ফোনটো দাঙি থোৱাৰ অভিযোগো তেওঁলোকৰ প্ৰতি আহে । গতিকে তেনেস্থলত চৰকাৰী দৰমহা খাই কাৰ্যনিৰ্বাহ কৰি থকা ফোনসেৱাৰ দায়িত্বত থকা এই কৰ্মচাৰীসকলৰ ওপৰত তীক্ষ্ণভাৱে নজৰ দিব লাগে আৰু ২৪ ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ হোৱা ফোনসেৱাৰ ব্যৱস্থা কৰিব লাগে । যদি অনতিপলমে যোৰহাটত বিদ্যুৎ যোগান নিয়মীয়া নকৰে , অনাগত দিনত জংগী গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলিও ছাত্ৰনেতাজনে প্ৰতিবাদস্থলীত ব্যক্ত কৰে ।প্ৰতিবাদী কাৰ্যসূচীটোত যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য চন্দন বৰা ও উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *