Home Main Stories বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমী এআইইউএফৰ বিধায়িনী দলৰ দলপতি নিৰ্বাচিত

বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমী এআইইউএফৰ বিধায়িনী দলৰ দলপতি নিৰ্বাচিত

26
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ মে’:  এআইইউডিএফ দলৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক কালি বি-৬ নং বিধায়ক আৱাসত অনুষ্ঠিত হয়। দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ উপস্থিতিত দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত পঞ্চদশ অসম বিধানসভালৈ নৱ- নিৰ্বাচিত বিধায়ক সকলোৱে বিধায়িনী দলৰ প্ৰথমখন বৈঠকত অংশ গ্ৰহণ কৰে। বৈঠকত বিধায়কসকলে বিভিন্ন পদবীৰ বাবে সৰ্বসন্মতিক্ৰমে হাফিজ বছিৰ আহমেদ কাছিমীক বিধায়িনী দলৰ দলপতি, আলহাজ আমিনুল ইছলামক উপ-দলপতি, ড০ হাফিজ ৰফিকুল ইছলামক মুখ্য সচেতক আৰু ফণীধৰ তালুকদাৰক সম্পাদক হিচাপে নিৰ্বাচিত কৰে। বৈঠকত দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে নিৰ্বাচিত বিধায়কসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অনাগত দিনত বিধানসভাত জনগণৰ সমস্যাসমূহ বলিষ্ঠভাৱে তুলি ধৰি এক সবল বিৰোধীৰ ভূমিকা পালন কৰিবলৈ দলৰ বিধায়কসকলক আহবান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here