Sunday , September 20 2020
শেহতীয়া খবৰ

বিধায়ক ৰূপজ্যোতি কুৰ্মী মূর্দাবাদ ধ্বনিৰে উত্তাল ন -কছাৰী: টীয়ক বলমা

ন- কছাৰী পথ নিৰ্মাণৰ দাবীত মানৱ শৃংখল: পোন্ধৰ দিনৰ চৰম সীমা নিৰ্ধাৰণ আছুৰ

গণ বার্তা, আমগুৰি ,১ ছেপ্টেম্বৰ :  টীয়ক ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ন- কছাৰী সংযোগী টীয়কৰ পৰা বলমা পথ চোৱাৰ শোচনীয় অৱস্থাই ৰাইজক দুৰ্ভোগ ভোগোৱাৰ লগতে পথৰ দুৰৱস্থাৰ বাবে কেইবাটাও সৰু বৰ দুৰ্ঘটনাও সংঘটিত হৈছে। আজি মৰিয়নি সমষ্টিৰ মধ্যস্থল ন কছাৰীৰ দেবেৰাপাৰ চাৰিআলিত অনতিপলমে উক্ত পথ মেৰামতিৰ দাবীত ছাত্ৰ সন্থাৰ ন কছাৰী আঞ্চলিক সমিতি আৰু সদৌ অসম তাই আহোম ছাত্ৰ সন্থাৰ ন কছাৰী আঞ্চলিক সমিতিৰ লগতে স্থানীয় ৰাইজৰ সহযোগত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদ কাৰীসকলে বিগত পোন্ধৰ বছৰে বিধায়ক হিচাপে মৰিয়নিক প্ৰতিনিধিত্ব কৰা ৰূপজ্যোতি কুৰ্মীৰ বিপক্ষে সোচ্চাৰ হৈ পৰে। প্ৰতিবাদ কাৰীসকলে ৰূপজ্যোতি কুৰ্মী হাই হাই, ৰূপজ্যোতি কুৰ্মী মূর্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয়। লগতে উক্ত পথ মেৰামতি বাবে পোন্ধৰ দিনৰ সময় সীমা নিৰ্ধাৰণ কৰি দিয়ে। এই নিৰ্দিষ্ট সময়ৰ ভিতৰত পথতোৰ মেৰামতি নকৰিলে অধিক ৰূপত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি প্ৰতিবাদ কাৰী সকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *