Monday , September 21 2020
শেহতীয়া খবৰ

বিশেষ আৰ্থিক সাহায্য, বিনামূলীয়া খাদ্য, ৰাজহুৱা সম্পদৰ বিক্ৰী বন্ধৰ দাবীত আৰু গণতন্ত্ৰৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে যোৰহাটত চি পি আই(এম) ৰ প্ৰতিবাদ 

গণবাৰ্তা বিশেষ যোৰহাট, ২৬ আগষ্ট : যোৰহাটঃ বিজেপি চৰকাৰে অনুসৰণ কৰা ধনিক শ্ৰেণীৰ স্বাৰ্থবাহী আৰু জনবিৰোধী অৰ্থনীতিৰ ফলস্বৰূপে দেশত অৰ্থনৈতিক সংকট ক্ৰমান্বয়ে গভীৰ হৈ আছিল। কোভিড-১৯ ৰোগৰ সংক্ৰমণ আৰু তাৰ মোকাবিলা কৰাৰ নামত চৰকাৰে অপৰিকল্পিতভাৱে লকডাউন কৰাৰ ফলত অৰ্থনীতিৰ অৱস্থা আৰু শোচনীয় হৈ পৰিছে। বিশেষভাবে ক্ষতিগ্ৰস্ত হৈছে শ্ৰমিক, কৃষক, সৰু-সুৰা ব্যৱসায়ী, নিৰ্মাণ শ্ৰমিক, মটৰ শ্ৰমিক, অট’ চালককে ধৰি অন্যান্য সেৱাখণ্ড সৈতে জড়িত কোটি কোটি লোক। এনে অৱস্থাত অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ স্বাৰ্থত সাধাৰণ মানুহক সকাহ দিয়াৰ সলনি তেওঁলোকৰ ওপৰত মূল্যবৃদ্ধি, কৰবৃদ্ধি আদিৰ জৰিয়তে নতুন নতুন বোজা জাপি দিছে। আনহাতে শিল্প-উদ্যোগ বেচৰকাৰীকৰণ, প্ৰাকৃতিক সম্পদ, খনিজ সম্পদ বিক্ৰী আদিৰ মাজেৰে কৰ্পৰেট গোষ্ঠীক অধিক মুনাফা লাভৰ পথ প্ৰশস্ত কৰিছে। এনে এক পৰিস্থিতিত আজি যোৰহাট জিলাত চি পি আই(এম) দলে কাৰ্যালয়ত জিলা সম্পাদকমণ্ডলীৰ সদস্য নিৰ্মল চন্দ্ৰ গগৈৰ সভাপতিত্বত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। সভাত বিজেপি চৰকাৰৰ শ্ৰমিক-কৃষকবিৰোধী নীতিৰ সম্পৰ্কে বক্তব্য আগবঢ়ায় চি পি আই (এম) দলৰ যোৰহাট জিলা কমিটিৰ সম্পাদক সুনীল বৰুৱাই।আৰু তাৰ পাছত প্ৰায় সাত শতাধিক কৰ্মী-সমৰ্থকক লৈ কাৰ্য্যালয়ৰ পৰা নিৰ্মল চাৰিআলি হৈ বৰুৱা চাৰিআলিয়েদি ঘূৰি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি কাৰ্যসূচী সমাপ্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *