শেহতীয়া খবৰ

বিশ্বজুৰি চলি থকা লকডাউনত আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰত হাহাকাৰ

আমেৰিকাত তেলৰ বজাৰত বৃহৎ অঘটন , ইতিহাসত প্ৰথমবাৰলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ তেলৰ মূল্য বৃহৎ অৱনমিত

গণঅধিকাৰ, ৱাশ্বিংটনঃ কোৰোনা ভাইৰাছৰ মহামাৰীৰ বাবে বিশ্বৰ প্ৰায়সমূহ দেশ লকডাউনৰ কৱলত থকাত তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰত। অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰত লকডাউনৰ পোনপটীয়া প্ৰভাৱ পৰা দেখা পোৱা গৈছে। বিশ্বৰ মানৱজাতিৰ লগতে অৰ্থব্যৱস্থালৈ ভাবুকি কঢ়িয়াই অনা কোৰোনা ভাইৰাছৰ প্ৰকোপ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। ফলত বিশ্বৰ বহু আগশাৰীৰ দেশে কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ লকডাউনৰ ঘোষণা কৰিছে। ফলত আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ বজাৰত ইয়াৰ প্ৰভাৱ দেখা পোৱা গৈছে।

যিটো ইতিহাসত প্ৰথমবাৰ এনে প্ৰভাৱ দেখা পোৱা গৈছে আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ বজাৰত। কোৰোনা ভাইৰাছৰ মহামাৰীৰ বাবে আমেৰিকাৰ খাৰুৱা তেলৰ মূল্য ইতিহাসত প্ৰথমবাৰ শূন্যৰ পৰা তললৈ অৱনমিত হৈছে। অৰ্থাৎ মাইনাছ (-) লৈ পাইছেগৈ আমেৰিকা খাৰুৱা তেলৰ মূল্য। যিটো ইতিহাসত প্ৰথমবাৰ এনে বিপৰ্যয়ৰ সন্মুখীন হৈছে আমেৰিকা খাৰুৱা তেলৰ বজাৰে। বিশ্বজুৰি খাৰুৱা তেলৰ চাহিদা আৰু মজুতৰ অভাৱৰ বাবে তেলৰ মূল্য অভাৱনীয় হাৰত হ্ৰাস পাইছে।

পৰিস্থিতি এনে এটা পৰ্যায় পাইছেগৈ যে তেল উৎপাদক দেশসমূহে ধন যোগান ধৰি আন দেশসমূহক তেল ক্ৰয় কৰিবলৈ আহবান জনাব ধৰিছে। অৰ্থাৎ ধন যোগান ধৰিয়ো তেল উৎপাদক দেশসমূহে তেল বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। কিয়নো উৎপাদক দেশসমূহ এতিয়া সংকিত হৈ পৰিছে যদিহে তেল বিক্ৰী কৰিব পৰা নাযায় তেন্তে উৎপাদন কৰা তেলসমূহ মজুত কৰণৰ  ক্ষেত্ৰত বৃহৎ সমস্যাই দেখা দিব। উল্লেখ্য যে বিশ্বজুৰি চলি থকা লকডাউনৰ বাবে বিশ্ববাসী এতিয়া ঘৰৰ চাৰিবেৰৰ মাজতে আৱদ্ধ হৈ আছে। ফলত তেলৰ বিক্ৰী অভাৱনীয় হাৰত হ্ৰাস পাইছে।

এতিয়া বিশ্বজুৰি তেল মজুতকৰণত আহি পৰা সমস্যাৰ বাবে তেল উৎপাদক দেশ তথা ফাৰ্ম সমূহে টেংকাৰ ভাড়াত লৈ তেল মজুত কৰিবলৈ আৰম্ভ কৰিছে। যাতে পৰিমাণ বাঢ়িবলৈ ধৰা তেল মজুত কৰি ৰাখিব পৰা যায়। ইয়াৰ প্ৰভাৱ দেখা পোৱা গৈছে আমেৰিকাৰ খাৰুৱা তেলৰ মূল্য। আমেৰিকাৰ তেলৰ মূল্য শূন্যৰ পৰা তললৈ অৱনমিত হৈছে। আমেৰিকা খাৰুৱা তেলৰ মূল্য অভাৱনীয় হাৰত হ্ৰাস পাই -৩৭.৬৩ ডলাৰ প্ৰতিবেৰেল হৈছেগৈ। সোমবাৰে আমেৰিকা খাৰুৱা তেলৰ মূল্য এনেভাবে হ্ৰাস পোৱাত ইয়াৰ প্ৰভাৱ সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ বজাৰত দেখা পোৱা গৈছে। আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ বজাৰত তেলৰ মূল্য ৮.৯ শতাংশলৈ হ্ৰাস পাইছে।

উল্লেখ্য যে অয়ল ইণ্ডাষ্ট্ৰিৰ চাহিদা হ্ৰাস আৰু উৎপাদক দেশসমূহৰ মাজত সৃষ্টি হোৱা মদভেদৰ বাবেই আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰত হাহাকাৰ ময় পৰিৱেশৰ সৃষ্টি হৈছে। চলিত মাহৰ প্ৰথমভাগতেই অৰ্গেনাইজেছন অৱ দি পেট্ৰ’লিয়াম এক্সপোৰ্টিং কাউণ্ট্ৰিছ (অপেক) সদস্যৰ দেশসমূহ আৰু সহযোগী দেশসমূহে তেলৰ উৎপাদন দহ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্তত উপনীত হৈছিল। যিহেতু সমগ্ৰ বিশ্বৰ লকডাউনৰ কৱলত থকাৰ বাবে তেলৰ চাহিদা হ্ৰাস পাইছে বিশ্বজুৰি। সেইবাবে তেলৰ উৎপাদন হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছিল অপেক সদস্যৰ দেশসমূহে।

সমগ্ৰ বিশ্বত বৰ্তমান সময়ছোৱাত প্ৰয়োজনতকৈ অধিক তেল উৎপাদন হৈ থকাৰ বাবেই আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰ এনে বিপৰ্যয়ৰ সন্মুখীন হৈছে। যিহেতু সমগ্ৰ বিশ্বৰ লকডাউনৰ কৱলত থকাৰ বাবে অৰ্থনীতিত আহি পৰা বিপৰ্যয়ৰ বাবে বহু দেশে তেলৰ আমদানি হ্ৰাস কৰিছে। ফলত আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰত তেলৰ চাহিদা হ্ৰাস পাবলৈ ধৰিছে। যাৰ ফলত খাৰুৱা তেলৰ মূল্য অভাৱনীয় ৰূপত হ্ৰাস পাবলৈ ধৰিছে। যিটো ইতিহাসত প্ৰথমবাৰ এনে বিপৰ্যয়ৰ সন্মুখীন হৈছে আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *