Sunday , September 20 2020
শেহতীয়া খবৰ

বিশ্বজুৰি মাৰাত্মক ভাইৰাছত মৃতকৰ সংখ্যা ১,৩৬,১১২ জনলৈ বৃদ্ধি

দৈনিক গণঅধিকাৰঃ বিশ্বজুৰি কোৰোনা ভাইৰাছত মৃত্যু ঘটা লোকৰ সংখ্যা ১,৩৬,১১২ জনলৈ বৃদ্ধি পাইছে। বিশ্বজুৰি ৫,২৩,৯৯২ জন কোৰোনা আক্ৰান্তৰ পৰা সুস্থ হৈ উঠিছে যিটো বিশ্ববাসীৰ বাবে এক সুখবৰ। ইয়াৰ উপৰি বিশ্বজুৰি আক্ৰান্তৰ সংখ্যা ২১,০১,৮৭৫ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ১৪,৪১,৭৭১ জন সক্ৰিয় হৈ আছে কোৰোনাত আক্ৰান্তত। তাৰে ৫১,১১৭ জন সংকটজনক অৱস্থাত আছে। উল্লেখ্য যে বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশত কোৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে।

বিশেষকৈ আমেৰিকাত ৩০ হাজাৰতকৈ অধিক লোকৰ প্ৰাণহানি হোৱাৰ বিপৰীতে স্পেইনত ১৯১৩০ জন, ইটালীত ২১,৬৪৫ জন, ফ্ৰান্সত ১৭,১৬৭ জন, জাৰ্মানীত ৩,৮৪৯ জন, ইউনাইটেড কিংডমত ১২,৮৬৮ জন, ইৰানত ৪,৮৬৯ জন, তুৰ্কীত ১,৫১৮ জন, বেলজিয়ামত ৪,৮৫৭ জন, নেডাৰলেণ্ডত ৩,৩১৫ জনলৈ বৃদ্ধি পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *