Sunday , September 20 2020
শেহতীয়া খবৰ

বিশ্বত কোৰোনা ভাইৰাছত নিহতৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি

ৱাশ্বিংটনঃ কোৰোনা ভাইৰাছত বিশ্বৰ অন্যতম দেশ আমেৰিকাই শেহতীয়াকৈ নতশিৰ হ’বলগীয়া হৈছে। দেশখনত কোৰোনা ভাইৰাছত নিহতৰ সংখ্যা লাখৰ কাষ পাবলৈ আৰু বেছি নাই। ইতিমধ্যে দেশখনত নিহতৰ সংখ্যা ৮০ হাজাৰ অতিক্ৰম কৰিছে। ইপিনে কোৰোনা ভাইৰাছত শংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব। কোৰোনা ভাইৰাছৰ বাবেই বিভিন্ন দেশে লকডাউন ঘোষণা কৰিবলৈ বাধ্য হৈ পৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত দেশসমূহ অৰ্থনৈতিকভাৱেও লোকচানৰ সন্মুখীন হয়। বিশ্বৰ অন্যতম সংস্থা বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি বিগত এপ্ৰিল মাহত কোৰোনা ভাইৰাছে তীব্ৰ ৰূপ ধাৰণ কৰাত বিশ্বত প্ৰতিদিনে আশী হাজাৰৰো অধিক ন লোক সংক্ৰমিত হয়।

বিভিন্ন দেশৰ চিকিৎসালয়ত প্ৰায় প্ৰতিদিনে আশী হাজাৰ লোকক চিকিৎসা কৰিবলগীয়া হয়। কোৰোনা ভাইৰাছত বিশ্বত নিহতৰ সংখ্যা তিনি লাখ চুবলৈ বেছি নাই। প্ৰাপ্ত তথ্য অনুসৰি বিশ্বত ২,৮৪,২০৪ জন লোকৰ উক্ত ভাইৰাছত মৃত্যু ঘটে। ইপিনে উক্ত মহামাৰীত বিশ্বত ৪,২০১,৭৮১ জন লোক আক্ৰান্ত হয়। ইয়াৰ বিপৰীতে ১,৫০২,৭৩২জন সংক্ৰমিত লোক স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ সক্ষম হয়। ৰাইটাৰ্ছ নামৰ এটি প্ৰতিষ্ঠানে প্ৰকাশ কৰা অনুসৰি ইউৰোপত ইয়াৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়।

ইউৰোপত ১৫,৫৮,৬৫৩জন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হয়। ইয়াৰে ১,৪৯,৭৬০জন লোকৰ মৃত্যু ঘটে। বিশ্ব স্বাস্থ্য সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি ইংলেণ্ডত বিগত ২৪ ঘণ্টাত ৬৯৩জন লোকৰ মৃত্যু ঘটে। দেশখনত উক্ত সংখ্যাক লৈ বৰ্তমান ২৯,৪২৭জন লোকৰ মৃত্যু ঘটে। সমগ্ৰ বিশ্বত কোৰোনা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাত অৰ্থনীতি অৱস্থা অৱনমিত হয়। একাংশ দেশত অৰ্থনৈতিক অৱনতি ঘটাৰ ফলত সহস্ৰাধিক লোক কৰ্মসংস্থাপন হৈ পৰাৰ উপৰি খাদ্য সংকটতো ভোগে।

Leave a Reply

Your email address will not be published. Required fields are marked *