Sunday , September 20 2020
শেহতীয়া খবৰ

বিশ্বত কোৰোনা ভাইৰাছত মৃতকৰ সংখ্যা ৬০,৪২৭ জনলৈ বৃদ্ধি

আক্ৰান্তৰ সংখ্যা বিশ্বজুৰি হৈছেগৈ ১,১৩৪,৪২১ জন

দৈনিক গণঅধিকাৰঃ সমগ্ৰ বিশ্বতেই আতংকৰ সৃষ্টি কৰা কোৰোনা ভাইৰাছত মৃত্যু ঘটা লোকৰ সংখ্যা ৬০,৪২৭ জনলৈ বৃদ্ধি পাইছে। অভাৱনীয় হাৰত প্ৰতিদিনে স্পেইনত কোৰোনা আক্ৰান্তত দেশখনৰ নাগৰিকৰ মৃত্যু ঘটিছে। বিশ্বজুৰি কোৰোনাত আক্ৰান্তত মৃত্যু ঘটাৰ তালিকাত স্পেইনে দ্বিতীয় স্থানলৈ উন্নীত হৈছে। স্পেইনত ভয়াৱহ ৰূপ ধাৰণ কৰা কোৰোনা ভাইৰাছত আক্ৰান্তত মৃত্যু ঘটা লোকৰ সংখ্য ১১,৭৪৪জনলৈ বৃদ্ধি পাইছে।

প্ৰতিদিনে দেশখনত মৃত্যু ঘটা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। স্পেইনত ১,২৪,৭৩৬জন লোক আক্ৰান্ত হৈছেগৈ মাৰাত্মক কোৰোনা ভাইৰাছত। আনহাতে দেশখনত ৩৪,২১৯জন লোক সুস্থ হৈ উঠাৰ বিপৰীতে ৬,৪১৬জন অধিক সংকটতজনক অৱস্থাত আছে। উল্লেখ্য যে বিশ্বজুৰি কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১,১৩৪,৪২১ জনলৈ বৃদ্ধি পাইছে। আনহাতে ২,৩৬,০৮৬ জন লোক কোৰোনাৰ আক্ৰান্তৰ পৰা সুস্থ হৈ উঠিছে।

বিশ্বজুৰি ৩৯,৬৫৬জন লোক সংকটজনক অৱস্থাত আছে। এই লোকসকল বৰ্তমান জীৱন মৃত্যুৰ সৈতে হাস্পাতালত যুঁজ দি আছে। উল্লেখ্য যে বিশ্বজুৰি কোৰোনা ভাইৰাছত আক্ৰান্তৰ তালিকাত শীৰ্ষ স্থানত আছে আমেৰিকা। আমেৰিকাত কোৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছে। বিশেষকৈ নিউৱৰ্ক চহৰত এই ভাইৰাছবিধে অধিক ভয়াৱহতাৰ ৰূপ ধাৰণ কৰিছে। দেশখনত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ২,৭৭,৬০৭জন। আনহাতে দেশখনত মৃত্যুঘটা লোকৰ সংখ্যা ৭,৪০৬জনলৈ বৃদ্ধি পাইছে আৰু ১২,২৮৩জন লোক সুস্থ হৈ উঠিছে।

আনহাতে ইটালিত ১৪,৬৮১ জন লোক কোৰোনা ভাইৰাছত মৃত্যু ঘটাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা হৈছে ১,১৯,৮২৭ জন। চীনত কোৰোনা ভাইৰাছত মৃত্যুৰ সংখ্যা ৩,৩২৬জন হোৱাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা হৈছে ৮১,৬৩৯জন। জাৰ্মানীত ১,২৯৩জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা ৯১,৫৮৯জন আৰু ইৰানত ৩,৪৫২জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা হৈছে ৫৫,৭৪৩জন। ফ্ৰান্সতো কোৰোনা ভাইৰাছে ভয়াৱহতা ৰূপ ধাৰণ কৰিছে। দেশখনত মৃতকৰ সংখ্যা ৬,৫০৭জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৮২,১৬৫জন।

আনহাতে ইউনাইটেড কিং ডোমত ৩,৬০৫, ছুইজাৰলেণ্ডত ৬২০, বেলজিয়ামত ১,২৮৩, নেডাৰলেণ্ডত ১,৬৫১, তুৰ্কীত ৪২৫, অষ্ট্ৰিয়াত ১৮৬, দক্ষিণ কোৰিয়াত ১৭৭, কানাডাত ২০৮,কপৰ্তুগাল ২৬৬, ইজৰাইল ৪৩, ব্ৰাজিল ২৬৫, নৰৱেত ৬১, অষ্ট্ৰেলিয়াত ৩০, ছুইডেন ৩৭৩, আয়াৰলেণ্ড ১২০, ডেনমাৰ্ক ১৬১, মালেচিয়া ৫৭, চিলি ২২, ৰাছিয়া ৪৩, ৰোমানিয়া ১৪১, ফিলিপাইনছ ১৪৪ জন, পাকিস্তানত ৪১ জন লোকৰ মৃত্যু ঘটিছে। আনহাতে আন দেশসমূহতো প্ৰতিদিনে মৃত্যু ঘটা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ফলস্বৰূপে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিছে কোৰোনা ভাইৰাছে।

Leave a Reply

Your email address will not be published. Required fields are marked *