শেহতীয়া খবৰ

বিশ্বত কোৰোনা ভাইৰাছত মৃতকৰ সংখ্যা ৯৭,১৭৯ জনলৈ বৃদ্ধি

দৈনিক গণঅধিকাৰঃ সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰা কোৰোনা ভাইৰাছত মৃত্যু ঘটা লোকৰ সংখ্যা ৯৭,১৭৯ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা ১৬,২১,৩৪৮ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰি সমগ্ৰ বিশ্বত ৩,৬৬,২১৫ জন লোক কোৰোনা আক্ৰান্তৰ পৰা সুস্থ হৈ উঠিছে।

সমগ্ৰ বিশ্বত সৰ্বাধিক লোকৰ মৃত্যু ঘটিছে ইটালী, আমেৰিকা, স্পেইন, জৰ্মাণী, ফ্ৰান্স, ইৰান, চীন, ইউনাইটেড কিংদম, বেলজিয়াম আদি দেশসমূহত। আমেৰিকাত ১৬৬৯৭ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা ৪,৬৮,৮৯৫ জনলৈ বৃদ্ধি পাইছে।

আনহাতে স্পেইনত ১৫,৪৪৩ জন, ইটালিত ১৮,২৭৯ জন, জাৰ্মানীত ২৬০৭জন, ফ্ৰান্সত ১২,২১০ জন, চীনত ৩,৩৩৬ জন, ইৰানত ৪২৩২জন, ইউনাইটেড কিংদমত ৭,৯৭৮জন লোকৰ মৃত্যু ঘটিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *