Friday , September 25 2020
শেহতীয়া খবৰ

বিশ্বত কোৰোনা ভাইৰাছত মৃতকৰ সংখ্যা ৩৯,০২৫ জনলৈ বৃদ্ধি

২৪ ঘণ্টাত স্পেইনত ৯৪৯ জনৰ মৃত্যু
আক্ৰান্তৰ সংখ্যা বিশ্বজুৰি হৈছেগৈ ৮,০৩,০১১ জন

দৈনিক গণঅধিকাৰঃ  সমগ্ৰ বিশ্বতেই আতংকৰ সৃষ্টি কৰা কোৰোনা ভাইৰাছত মৃত্যু ঘটা লোকৰ সংখ্যা ৩৯,০২৫ জনলৈ বৃদ্ধি পাইছে। যোৱা ২৪ঘণ্টাত স্পেইনত ৯৪৯জন লোকৰ কোৰোনা আক্ৰান্তত মৃত্যু ঘটা দেশখনত মৃতকৰ সংখ্যা ৮১৮৯জনলৈ বৃদ্ধি পাইছে। বিশ্বজুৰি কোৰোনাত আক্ৰান্তত মৃত্যু ঘটাৰ তালিকাত স্পেইনে তৃতীয় স্থান দখল কৰিছে।

দেশখনত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোৰোনা ভাইৰাছে। প্ৰতিদিনে দেশখনত মৃত্যুঘটা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। স্পেইনত ৯৪৪১৭ জন লোক আক্ৰান্ত হৈছেগৈ মাৰাত্মক কোৰোনা ভাইৰাছত। আনহাতে দেশখনত ১৯২৫৯ জন লোক সুস্থ হৈ উঠাৰ বিপৰীতে ৫৬০৭জন অধিক সংকটতজনক অৱস্থাত আছে।

উল্লেখ্য যে বিশ্বজুৰি কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৮,০৩,০১১ জনলৈ বৃদ্ধি পাইছে। আনহাতে ১,৭২,৩৯৬ জন লোক কোৰোনাৰ আক্ৰান্তৰ পৰা সুস্থ হৈ উঠিছে। বিশ্বজুৰি ৩০,৪০৯জন লোক সংকটজনক অৱস্থাত আছে। এই লোকসকল বৰ্তমান জীৱন মৃত্যুৰ সৈতে হাস্পাতালত যুঁজ দি আছে। উল্লেখ্য যে বিশ্বজুৰি কোৰোনা ভাইৰাছত আক্ৰান্তৰ তালিকাত শীৰ্ষ স্থানত আছে আমেৰিকা। আমেৰিকাত কোৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছে।

বিশেষকৈ নিউৱৰ্ক চহৰত এই ভাইৰাছবিধে অধিক ভয়াৱহতাৰ ৰূপ ধাৰণ কৰিছে। দেশখনত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১,৬৪,৪৩৫ জন। আনহাতে দেশখনত মৃত্যুঘটা লোকৰ সংখ্যা ৩১৭৫জনলৈ বৃদ্ধি পাইছে আৰু ৫৫০৭জন লোক সুস্থ হৈ উঠিছে। আনহাতে ইটালিত ১১,৫৯১ জন লোক কোৰোনা ভাইৰাছত মৃত্যু ঘটাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা হৈছে ১০১৭৩৯ জন। চীনত কোৰোনা ভাইৰাছত মৃত্যুৰ সংখ্যা ৩,৩০৯জন হোৱাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা হৈছে ৮১,৫১৮জন। জাৰ্মানীত ৬৮২জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা ৬৭,০৫১ জন আৰু ইৰানত ২৮৯৮ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা হৈছে ৪৪,৬০৫জন। ফ্ৰান্সতো কোৰোনা ভাইৰাছে ভয়াৱহতা ৰূপ ধাৰণ কৰিছে।

দেশখনত মৃতকৰ সংখ্যা ৩,০২৪ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪৪,৫৫০ জন। আনহাতে ইউনাইটেড কিং ডোমত ১৪০৮, ছুইজাৰলেণ্ডত ৩৭৩, বেলজিয়ামত ৭০৫, নেডাৰলেণ্ডত ১০৩৯, তুৰ্কীত ১৬৮, অষ্ট্ৰিয়াত ১২৮, দক্ষিণ কোৰিয়াত ১৬২, কানাডাত ৯২,কপৰ্তুগাল ১৬০, ইজৰাইল ১৭, ব্ৰাজিল ১৬৫, নৰৱেত ৩৫, অষ্ট্ৰেলিয়াত ১৯, ছুইডেন ১৮০, আয়াৰলেণ্ড ৫৪, ডেনমাৰ্ক ৯০, মালেচিয়া ৪৩, চিলি ৮, ৰাছিয়া ১৭, ৰোমানিয়া ৭২, ফিলিপাইনছ ৮৮ জন, পাকিস্তানত ২৫ জন লোকৰ মৃত্যু ঘটিছে। আনহাতে আন দেশসমূহতো প্ৰতিদিনে মৃত্যু ঘটা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ফলস্বৰূপে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিছে কোৰোনা ভাইৰাছে।

Leave a Reply

Your email address will not be published. Required fields are marked *