Friday , September 25 2020
শেহতীয়া খবৰ

বিশ্বত ৯,৫৫,৪১২ জন ব্যক্তিৰ শৰীৰত কোৰোনা ,২৪ ঘণ্টাত ২০,২১৫ আক্ৰান্ত

এদিনত মৃত্যু ঘটিল ১৩৮৭ 

দৈনিক গণঅধিকাৰঃ চীনত ৱহাং চহৰত উৎপতিত মাৰাত্মক কোৰোনা ভাইৰাছে এতিয়া সমগ্ৰ বিশ্বজুৰি মৃত্যু খেল অব্যাহত ৰাখিছে। এতিয়ালৈকে বিশ্বত ৯,৫৫,৪১২ জন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪৮৫৭৯ জন লোক কোৰোনাত আক্ৰান্ত হৈ পৃথিৱীৰ পৰা বিদায় মাগিছে। আনহাতে ২,০৩,০১৩ জন ব্যক্তিক এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে। লক্ষ্যণীয় যে বিশ্বৰ আগশাৰীৰ দেশসমূহত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ বিশ্বৰ আটাইতকৈ উন্নত দেশ হিচাপে পৰিগণিত আমেৰিকাত কোৰোনাই মৃত্যুদূত ৰূপে চিহ্নিত হৈছে।

এতিয়ালৈকে আমেৰিকাত ২,১৫,৩৫৭ জন লোক আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত ৫৩১৩ জন লোকৰ মৃত্যু ঘটিছে। বিগত ২৪ আমেৰিকাৰ ৩৫৪জন নতুন ৰোগী চিহ্নিত হোৱাৰ বিপৰীতে ১১জন লোকৰ মৃত্যু ঘটিছে। কোৰোনাত দ্বিতীয় স্থানত আছে ইটালি। ইটালিত এতিয়ালৈকে ১,১০,৫৭৪ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১৩,১৫৫ জন লোক মৃত্যু বৰণ কৰিছে। কিন্তু সম্প্ৰতি বিশ্বৰ আটাইতকৈ ভয়াৱহ পৰিস্থিতি হৈছে স্পেইনত। বিগত ২৪ঘণ্টাত স্পেইনত ৬১২০ জন লোকৰ শৰীৰত কোৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। এতিয়ালৈকে স্পেইনত ১,১০,২৩৮ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১০,০০৩ জন লোকৰ মৃত্যু ঘটিছে।

বিগত ২৪ ঘণ্টাত স্পেইনত ৬১৬ জন লোকৰ মৃত্যু ঘটিছে। চীনত আজি ৩৫জন নতুন ৰোগী ধৰা পৰে। এতিয়ালৈকে চীনত ৮১,৫৮৯ জন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩,৩১৮ জন লোক মৃত্যু বৰণ কৰিছে। একেদৰে সম্প্ৰতি জৰ্মানীতো ক্ৰমশ ভয়াৱহ ৰূপ ধাৰণ কৰিছে চীনে। জাৰ্মানীত বিগত ২৪ ঘণ্টাত ১৪৮৪ জন লোক ধৰা পৰাৰ বিপৰীতে ২৮জন লোকৰ মৃত্যু ঘটিছে। দেশখনত এতিয়ালৈকে ৭৯৪৫৬ জন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৯৫৯জন লোকৰ মৃত্যু ঘটিছে।

ফ্ৰান্সত ৫৬৯৮৯ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৪০৩২ গৰাকী লোক নিহত আছে। আনহাতে ইৰানতো কোৰোনা ভাইৰাছৰ সংহাৰী ৰূপ অব্যাহত আছে। বিগত ২৪ঘণ্টাত ইৰানত ২৮৭৫ জন লোকৰ শৰীৰত ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে আৰু ১২৪ জন লোকে প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে ইৰানত ৫০৪৬৮ জন লোক আক্ৰান্ত হৈছে আৰু ৩১৬০ জন লোক নিহত হৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *