শেহতীয়া খবৰ

বিশ্বনাথত পুনৰ ২৪ জন ব্যক্তিৰ  ক’ভিড-১৯ পজিটিভ,ৰোগীৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি 

 আটাইকেইজনেই আছিল প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনত

দৈনিক গণঅধিকাৰ, বিশ্বনাথ চাৰিআলিঃ-বহিঃৰাজ্যৰ পৰা স্ব-গৃহমুখী হোৱা বিশ্বনাথ জিলাৰ পুনৰ ২৪ গৰাকী লোক শেহতীয়াকৈ ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছে। জিলাখনৰ বিভিন্ন ঠাইত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰ সমুহৰ ভিতৰৰে ৩টা কোৱাৰেন্টাইন কেন্দ্ৰত ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হোৱা এই ২৪ জন লোকক ইতিমধ্যে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰন কৰা হৈছে।ইয়াৰ লগে লগে জিলা খনৰ কোৱাৰেন্টাইন কেন্দ্ৰত ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হোৱা ব্যক্তিৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি পালে। জিলাখনত এদিনত পুনৰ  ২৪ জন লোকৰ ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হোৱাৰ পিছতেই জনসাধাৰণৰ মাজত শংকা সংশয়ৰ উদ্ৰেক হৈছে যদিও আটাইকেইগৰাকী ক’ভিড-১৯ আক্ৰান্ত যিহেতু কোৱাৰেন্টাইন কেন্দ্ৰত প্ৰতিষ্ঠানিক কোৱাৰেন্টাইন হৈ আছিল, সেয়ে জিলা প্ৰশাসনে ৰাইজক ভীতি বিহ্বল হোৱাৰ বিপৰীতে সজাগ- সচেতন হৈ থাকিলেহে আহ্বান জনাইছে।
জানিব পৰা মতে বিশ্বনাথ চাৰিআলিৰ বলিপুখুৰীস্হিত চৰকাৰী আই. টি. আই চৌহদত থকা কোৱাৰেন্টাইন কেন্দ্ৰত ১১ জন আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ চৌহদত থকা কোৱাৰেন্টাইন কেন্দ্ৰত ৪ জন লোকৰ ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছে । দিল্লীৰ পৰা আহি জিলা খনৰ বালিপুখুৰীস্হিত চৰকাৰী আই. টি. আই কোৱাৰেন্টাইন কেন্দ্ৰত থকা অবস্থাত ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হোৱা লোক কেইজন হৈছে ক্ৰমে অজিত খদাল (১৮), সুজিত খোদাল(১৯), সনৎ চবৰ(১৯), পুৰ্ণেশ্বৰ খদাল(১৯), দিলীপ পাইক(১৯),বিশ্বজিৎ খদাল(২২), সুনীল খদাল(২৭), অনিল খদাল(২২),  দেবৰাজ খদাল(১৯), কৃষ্ণ বাহাদুৰ চেত্ৰী(৪২) আৰু ছবিৰ খদাল(১৮)।
আনহাতে বিশ্বনাথ মহাবিদ্যালয়ৰ চৌহদত থকা কোৱাৰেন্টাইন কেন্দ্ৰত থকা ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হোৱা ব্যক্তি চাৰিজন হৈছে দিগন্ত নাথ ,শচীন পোখ্ৰেল,দিগন্ত ঘিমিৰায় আৰু অমৃত ছেত্ৰী । উল্লেখ্য যে দিগন্ত নাথ হাৰিয়ানাৰ পৰা অহাৰ বিপৰীতে শচীন পোখ্ৰেল আহিছিল গুজৰাটৰ পৰা। মহাৰাষ্ট্ৰৰ পৰা অহা গহপুৰ  ছয়দুৱাৰ কলেজ কোৱাৰেণ্টাইন কেন্দ্ৰত  থকা লোক ছয়জন হ’ল নবীন তিৱাৰী,দুৰ্গা শৰ্মা,  জগন্নাথ কৈৰালা,ৰমেন মহন্ত,দিনেশ ধাকা আৰু লীলা তিৱাৰী ।
আনহাতে মুম্বাইৰ পৰা অহা পাভৈৰ  এম. এছ. ডি. পি  কোৱাৰেনটাইন কেন্দ্ৰত থকা তিনিজন ক্ৰমে থুংচাংগ দৈমাৰী ,বিকাশ অধিকাৰী, অজয় প্ৰধান ।এই ২৪ গৰাকী লোক বহিঃৰাজ্যৰ পৰা স্ব-গৃহমুখী হবলৈ আহি গুৱাহাটীত উপস্থিত হৈছিল আৰু বাছেৰে আহি বিশ্বনাথৰ ডিষ্ট্ৰিক্ট স্ক্ৰীনিং চেন্টাৰত  ছোৱাব সংগ্ৰহৰ পাছত  কোৱাৰেন্টাইন চেন্টাৰত ভৰ্তি হৈছিল। উল্লেখ্য যে যোৱা ৩০ মে দিনাও জিলাখনৰ ৩টা কোৱাৰেন্টাইন কেন্দ্ৰত ১১ জন লোক ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *