Home Main Stories বিশ্বৰ অধিক দেশেই যোগাযোগ বিচ্ছিন্ন কৰিলে ভাৰতৰে

বিশ্বৰ অধিক দেশেই যোগাযোগ বিচ্ছিন্ন কৰিলে ভাৰতৰে

151
0

কোৰোনাৰ দ্বিতীয়টো লহৰত কম্পমান সমগ্ৰ দেশ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী , ৭ মে’ : কোৰোনাৰ দ্বিতীয়টো লহৰত বিশ্বৰ ভিতৰত অধিক প্ৰভাৱিত হোৱা ভাৰতৰ সৈতে এতিয়া বিশ্বৰ অধিক দেশেই যোগাযোগ বিচ্ছিন্ন কৰিলে। ভাৰতৰ সৈতে বিমানযাত্ৰা সম্পূৰ্ণৰূপে বহু দেশে নিষিদ্ধ কৰিছে। বৰ্তমান ভাৰত কোৰোনাৰ দ্বিতীয়টো লহৰত প্ৰভাৱিত হৈ আছে। প্ৰতিদিনেই চাৰি লক্ষাধিক লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় চাৰি হাজাৰ লোকৰ দৈনিক মৃত্যু ঘটিবলৈ ধৰিছে। এনেক্ষেত্ৰত বিশ্বৰ আনসমূহ দেশত যাতে কোৰোনা ভাইৰাছ ভাৰতৰ পৰা বিয়পি নপৰে তাৰ বাবে দেশসমূহে ভাৰতৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰিছে। আজি শ্ৰীলংকাই ভাৰতৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰিছে। ইয়াৰ পূৰ্বে বিমানযাত্ৰাত বহু প্ৰতিবন্ধকতা জাৰি কৰিছে বহুকেইখন দেশে ভাৰতৰ সৈতে। সেইসমূহ দেশৰ ভিতৰত আছে হংকং, ইউনাইটেড কিংডম, ডুবাই, কানাডা, পাকিস্তান, নিউজীলেণ্ড, ইৰান, অষ্ট্ৰেলিয়া, নেদাৰলেণ্ড, থাইলেণ্ড, ইটালী, পৰ্তুগাল, নেপাল, কেনিয়া, আমেৰিকা, ইজৰাইল, ছিংগাপুৰ, জাৰ্মানী, মালদ্বীপ, ইজৰাইলৰ দৰে দেশে। উল্লেখ্য যে ইউনাইটেড কিংডমে ৩০ এপ্ৰিলৰ পৰাই ভাৰতৰ সৈতে বিমান যোগাযোগ বাতিল কৰে। একেদৰে কানাডাই ভাৰতৰ সৈতে ৩০ দিনলৈ বিমান যোগাযোগ বাতিল কৰিছে। আনহাতে পাকিস্তানেও ভাৰতৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰিছে।
উল্লেখ্য যে বিশ্বৰ ভিতৰত ভাৰততেই দৈনিক সৰ্বাধিক লোক ক’ভিড-১৯ত আক্ৰান্ত হৈ আছে। যাৰ বাবে বিশ্বৰ বহুকেইখন দেশে ভাৰতক ৰেড তালিকাত অন্তৰ্ভুক্ত কৰিছে। ফলত সেই দেশসমূহত ভাৰতৰ লোক প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বহু প্ৰতিবন্ধকতা থাকিব। অষ্ট্ৰেলিয়াই ভাৰতৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰাত এতিয়া বিপাঙত পৰিছে তাৰ ক্ৰিকেটাৰসকল। আইপিএল খেলিবলৈ অহা অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকল এতিয়া পোনপটীয়াকৈ ভাৰতৰ পৰা স্বদেশলৈ উভতি যাব নোৱাৰা হৈছে। অষ্ট্ৰেলিয়াৰ চৰকাৰৰ অনুমতি নোলোৱাকৈ কোনে লোকেই অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰিব নোৱাৰে। অষ্ট্ৰেলিয়াৰ নাগৰিক হ’লেও ভাৰতৰ পৰা পোনপটীয়াকৈ নিজ দেশত প্ৰৱেশ কৰিব নোৱাৰিব। সেইবাবে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকল মালদ্বীপলৈ গৈছে। মালদ্বীপৰ পৰাহে নিজ দেশলৈ উভতিব অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকল। এনেদৰেই আন দেশসমূহেও ভাৰতৰ পৰা হোৱা যাতায়াতত বহু প্ৰতিবন্ধকতা জাৰি কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here