বিশ্ব ঐতিহ্যত অন্তৰ্ভুক্ত নহয় ঐতিহাসিক চৰাইদেউৰ মৈদামঃ বেদখলকাৰীৰ কৱলত ঐতিহ্য ক্ষেত্ৰঃ

বিশ্ব ঐতিহ্যত অন্তৰ্ভুক্ত নহয় ঐতিহাসিক চৰাইদেউৰ মৈদামঃ বেদখলকাৰীৰ কৱলত ঐতিহ্য ক্ষেত্ৰঃ শিৱসাগৰত সংবাদমেল যোগে তীব্ৰ ক্ষোভ চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ কমিটিৰ

গণ বাৰ্তা, জয়সাগৰ, ১ মেঃ ঐতিহাসিক চৰাইদেউৰ মৈদামসমূহ বিশ্ব ঐতিহ্যত অন্তৰ্ভুক্ত কৰাত বাধা দিবলৈ বেদখলকাৰীসকলে গভীৰ ষড়যন্ত্ৰ কৰিছে৷ পুৰাতত্ত্ব বিভাগৰ দ্বাৰা সংৰক্ষিত মৈদামৰ বৃহৎ অংশৰ সীমা নিৰ্ধাৰণ নকৰাকৈয়ে বেদখলকাৰীৰ সুবিধা হোৱাকৈ মৈদামৰ ভূমি সংকোচন কৰি বাউণ্ডেৰি ৱাল নিৰ্মাণ কৰিবলৈ উঠিপৰি লাগিছে পুৰাতত্ত্ব বিভাগ৷ আজি শিৱসাগৰত এক সংবাদমেল যোগে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে অসম চৰকাৰে গঠন কৰি দিয়া চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ কমিটিয়ে৷ সংবাদমেলত কমিটিয়ে পুৰাতত্ত্ব বিভাগৰ এক ন্যস্ত স্বাৰ্থ জড়িত মহলে বেদখলকাৰীৰ সুবিধা হোৱাকৈ দুই শতাধিকৰো অধিক মৈদাম বাদ দি ঐতিহ্যক্ষেত্ৰৰ সীমা নিৰ্ধাৰণ কৰিব বিচাৰিছে বুলিও অভিযোগ কৰে৷ এচামে চৰাইদেউ মৈদামৰ ভূমি বেদখল কৰি চাহ বাগান খোলাৰ লগতে অন্যান্য ব্যৱসায়িক কাৰ্যত অবৈধভাবে ব্যৱহাৰ কৰা বুলিও ক্ষোভ প্ৰকাশ কৰে৷ এই প্ৰসংগত ক্ষোভ প্ৰকাশ কৰি কমিটিৰ এজন সদস্য অধ্যাপক জীতেন বৰপাত্ৰগোঁহায়ে কয় যে অসম চৰকাৰে গঠন কৰি দিয়া সাতজনীয়া চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ কমিটিৰ চাৰিজন সদস্যয়েই মৈদামৰ ভূমি অবৈধভাবে দখল কৰি চাহবাগান খুলিছে৷ সৰিয়হৰ ডুলিতে ভূত আছে বুলি তীব্ৰ ক্ষোভ উজাৰি বৰপাত্ৰগোঁহায়ে কমিটিৰ চাৰিজন সদস্য অতুল ৰাজকোঁৱৰ, সত্যেন কোঁৱৰ, মৃদুল কোঁৱৰ আৰু জয় বৰাৰ নাম স্পষ্টভাবে উল্লেখ কৰি কয় যে তেওঁলোকে দীৰ্ঘদিনধৰি মৈদামৰ মাটি বেদখল কৰি বাগান খুলি আহিছে৷ চৰকাৰৰ ভূমিকাতো কমিটিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷ চৰকাৰৰ আন্তৰিকতাৰ অভাৱৰ বাবেই চৰাইদেউৰ মৈদামসমূহ বিশ্ব ঐতিহ্যত অন্তৰ্ভুক্ত নহয় বুলি উল্লেখ কৰি কমিটিৰ এজন অন্যতম সদস্য তথা গড়গাওঁ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দিলীপ বুঢ়াগোহাঁঞিয়ে কয় যে ২০১৪ বৰ্ষতে শিৱসাগৰ জিলাৰ তদানীন্তন উপায়ুক্ত মীনাক্ষী সুন্দৰমৰ নেতৃত্বত ৭ নং দাগৰ সৈতে আন মৈদাম অঞ্চল জৰীপ কৰা হৈছিল৷ পৰৱৰ্তী সময়ত চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনৰ নেতৃত্বত পুনৰ জৰীপ কৰিবলৈ চেষ্টা কৰা হয়৷ কিন্ত একাংশ বেদখলকাৰী আৰু মৈদাম সংৰক্ষণৰ নামত ব্যৱসায় চলাই থকা দালালৰ ষড়যন্ত্ৰ তথা পুৰাতত্ত্ব বিভাগৰ অকৰ্মণ্যতাৰ বাবে জৰীপ সম্পূৰ্ণ কৰিব পৰা নহল৷ ২০২০ চনৰ ১৫ নৱেম্বৰত অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে অসম চৰকাৰৰ ভূমি,লেখ আৰু জৰীপ বিভাগ,চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ উপায়ুক্ত, নাজিৰা আৰু সোণাৰিৰ চক্ৰ বিষয়া, নাজিৰা মহকুমাধিপতিৰ পৰামৰ্শমতে প্ৰায় চাৰি হাজাৰ সাতশ বিঘা মাটি সামৰি এক বৃহৎ অঞ্চল বিশ্ব ঐতিহ্যৰ বাবে ক’ৰ জ’ন হিচাবে ঘোষণা কৰে৷ সেই অনুসৰি এখন মেপো প্ৰস্তুত কৰি উলিওৱা হয়৷পৰৱৰ্তী সময়ত অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ ডাইৰেক্টৰ আৰু চৰাইদেউ জিলা উপায়ুক্তলৈ এই মেপখন প্ৰেৰণ কৰা হয় যদিও ৰহস্যজনক কাৰণত মেপত উল্লেখ থকা অনুসৰি সীমা নিৰ্ধাৰণ কৰাৰ সলনি মাত্ৰ পাঁচশ আঠসত্তৰ বিঘা মাটি সামৰি বিশ্ব ঐতিহ্যৰ বাবে ডছেৰা প্ৰস্তুত কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এই ডছেৰাত বৰ অসমৰ খনিকৰ হিচাবে আখ্যায়িত স্বৰ্গদেউ চ্যুকাফাৰ মৈদামটোৱেই ঠাই পোৱা নাই৷ যি কথাই সচেতন মহলক ক্ষোভিত কৰি তুলিছে৷ ইফালে, পঁচিশ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা বাউণ্ডেৰি ৱালসমূহো ঠিকাদাৰ তথা পুৰাতত্ত্ব বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে নিজা খেয়ালখুচি মতে নিৰ্মাণ কৰিবলৈ লোৱা বুলি অভিযোগ উঠিছে৷ একাংশ বেদখলকাৰীৰ আঙুলিৰ ঠাৰত উঠা-বহা কৰা এইসকল ঠিকাদাৰ তথা পুৰাতত্ত্ব বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে সামূহিক স্বাৰ্থক জলাঞ্জলি দি মাত্ৰ কেইটামান টকাৰ লোভত বেদখলকাৰীসকলৰ সুবিধা হোৱাকৈ দেৱাল নিৰ্মাণৰ কামত অগ্ৰসৰ হৈছে বুলি কমিটিৰ অন্যতম তিনি সদস্য দিলীপ বুঢ়াগোাহাঞি ,ড° জাকিৰুল আলম আৰু ড° জীতেন বৰপাত্ৰগোঁহায়ে সংবাদমেলত অভিযোগ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *