Monday , September 21 2020
শেহতীয়া খবৰ

বিসংগতিপূৰ্ণ তথ্যৰে খৰখেদাকৈ সমষ্টিৰ সীমা পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়াত লুকাই আছে চৰকাৰৰ ৰাজনৈতি অভিসন্ধিঃ ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটি

দৈনিক গণঅধিকাৰ, গুৱাহাটঃ দেশৰ লগতে অসমতো মাৰাত্মক কোৰোনা ভাইৰাছে সংহাসীৰ ৰূপ ধাৰণ কৰিছে। এনে এক জটল সময়ত চৰকাৰে খৰখেদাকৈ অসম বিধানসভা আৰু লোকসকভা সষ্টিৰ সীমা পুনৰনিৰ্ধাৰণ কৰিবলৈ চলোৱা প্ৰক্ৰিয়াত লুকাই আছে ৰাজনৈতিক অভিসন্ধি। বিসংগতিপূৰ্ণ তথা আধৰুৱা তথ্যৰে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত কোনো কাৰণতেই সমষ্টিৰ সীমা পুনৰনিৰ্ধাৰণ সম্ভৱ নহয়। শেহতীয়াকৈ চৰকাৰে যিধৰণৰ ষড়যন্ত্ৰ চলাইছে তাৰ অন্তৰালত এক গভীৰ ৰাজনৈতিক উদ্দেশ্যে লুকাই আছে। আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত ব্ৰহ্মপুত্ৰ ভেলী ছিভিল ছ’চাইটিৰ কাৰ্যকৰী সভাপতি আব্দুল বাতিন খন্দকাৰ, সাধাৰণ সম্পাদক ছাহজাহান তালুকদাৰে এই অভিযোগ কৰি কয় যে চৰকাৰে ২০০২চনৰ আইনৰ ভিত্তিত বিধানসভা আৰু লোকসভা সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰিব বিচাৰিছে। যিহেতু ২০০২চনৰ আইন সেয়ে সীমা পুনৰনিৰ্ধাৰণ কৰিবলৈ হ’লে ২০০১ চনৰ লোকপিয়লৰ তথ্য সাঙুৰি ল’ব। যিটো বৰ্তমানৰ সময়ত সম্ভৱ নহয়।

২০০১ চনত অসমৰ জনসংখ্যা আছিল ২ কোটি ৬৬ লাখ। বৰ্তমানৰ অসমৰ জনসংখ্যা ৩ কোটি ৩০লাখ। ২০০১ চনৰ লোকপিয়লৰ তথ্যৰ ভিত্তি সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰিলে বহু লোক বঞ্চিত হৈ পৰিব, আনকি সমস্যাৰ সন্মুখীন হ’ব। বাতিন খন্দকাৰে লগতে আৰু কয় যে যিহেতু বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছে। সেই চুক্তি ৰূপায়ন নোহোৱাকৈ সমষ্টিৰ সীমা পুনৰনিৰ্ধাৰণ কেতিয়াও সম্ভৱ নহয়। যদি সমষ্টিৰ পুনৰনিৰ্ধাৰণ কৰিব বিচাৰিছে তেন্তে ২০২১চনৰ লোকপিয়লৰ ভিত্তিত আৰু এন আৰ চিৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত আৰম্ভ কৰক। সংবাদ মেলত নেতাদ্বয়ে লগতে আৰু কয় যে ২০০২ চনত সমগ্ৰ ভাৰতবৰ্ষতে বিধানসভা আৰু লোকসভাৰ সমষ্টিৰ সীমা নিৰ্ধাৰণৰ কাম কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল। অসমৰ বিভিন্ন দল-সংগঠনে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰাত কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয়ে ৮-২-২০০৮ তাৰিখৰ S.O. 283 (E) নং আদেশযোগে অসমত সমষ্টিৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া স্থগিত ৰাখিছিল। ২০০৮ চনত সমষ্টিৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত ৰখাৰ যিসমূহ কাৰণ আছিল, তাৰে মূলতে আছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম সম্পূৰ্ণ কৰি অবৈধ বিদেশীক চিনাক্ত আৰু বহিষ্কাৰ কৰাৰ পিছতহে সমষ্টিৰ সীমা নিৰ্ধাৰণ।

কাৰ্যকৰী সভাপতিগৰাকীয়ে আৰু কয় যে পূৰ্বতে অসমৰ প্ৰায় সকলো ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠনে চৰকাৰক দাঙি ধৰা জটিলতাসমূহ আজিও বাহাল আছে। পূৰ্বে উল্লেখ কৰা কোনো এটা সমস্যাৰ পূৰ্ণ সমাধান আজিলৈকে হোৱা নাই। আনহাতে কোৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লকডাউন ঘোষণা কৰাত সমগ্ৰ ৰাজ্যব্যাপী নতুন নতুন সমস্যাই গা কৰি উঠিছে। এনে এক জটিল সময়ত চৰকাৰৰ সমষ্টিৰ সীমা নিৰ্ধাৰণৰ সিদ্ধান্তত ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটিয়ে দুৰ্ভাগ্যজনক আখ্যা দিয়ে। তেওঁ আৰু কয় যে ২৫ বছৰৰ মূৰে মূৰে সমগ্ৰ দেশৰ সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰা হয়। ২০০১চনত সমষ্টিৰ পুনৰ সীমা নিৰ্ধাৰণ হৈছিল। অহা ২০২৬ চনত পুনৰ সমষ্টিৰ পুনৰনিৰ্ধাৰণ হ’ব। সেয়ে শেহতীয়াভাৱে খৰখেদাকৈ ৰাজকোষৰ ধন ব্যয় কৰি সমষ্টিৰ পুনৰনিৰ্ধাৰণ কৰাৰ প্ৰয়োজন নাই। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ছ’চাইটিয়ে কেন্দ্ৰীয় চৰকাৰলৈ সমষ্টিৰ সীমা নিৰ্ধাৰণৰ কাম স্থগিত ৰাখিবৰ বাবে দাবী জনাইছে।

সংবাদমেলৰ জৰিয়তে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটিয়ে কেইবাটাও দাবী উত্থাপন কৰে। দাবী সমূহ ক্ৰমে– (১) ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তালিকা যোৱা ৩১ আগষ্ট, ২০১৯ তাৰিখে প্ৰকাশ কৰিছে যদিও ১৯ লাখতকৈ অধিক লোকৰ সিদ্ধান্ত এতিয়াও চূড়ান্ত হোৱা নাই। বিদেশী ন্যায়াধিকৰণে এই লোকসকলৰ নাগৰিকত্ব নিৰ্ধাৰণ কৰিব। কিন্তু চৰকাৰে এতিয়ালৈকে এই ১৯ লাখতকৈ অধিক লোকৰ বাবে আপীলৰ ব্যৱস্থা কৰা নাই। তেনেক্ষেত্ৰত সমষ্টিৰ সীমা নিৰ্ধাৰণৰ বাবে প্ৰয়োজনীয় জনগাঁথনিৰ সঠিক প্ৰতিফলন নহ’ব। গতিকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম সম্পূৰ্ণ কৰিহে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ কাম কৰা হওক। (২) সমষ্টিৰ সীমা নিৰ্ধাৰণ আইন অনুযায়ী শেহতীয়া লোকপিয়ল অনুসৰি সমষ্টিৰ সীমা নিৰ্ধাৰণ হ’ব লাগে। অসমৰ লগতে সমগ্ৰ ভাৰততে ইতিমধ্যে ২০২১ চনৰ লোকপিয়লৰ কামৰ আৰম্ভণি হৈছে। কিন্তু ক’ভিড-১৯ ৰ প্ৰাৰ্দুভাৱৰ বাবে লোকপিয়লৰ কাম স্থগিত ৰখা হৈছে। ইতিমধ্যে ২০১১ চনৰ লোকপিয়ল সম্পূৰ্ণ হৈছে।

তেনেক্ষেত্ৰত অসমত ২০০১ চনৰ লোকপিয়লৰ তথ্যৰ ভিত্তিত সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰিলে প্ৰকৃত জনগাঁথনিৰ প্ৰতিফলন নহ’ব। সেয়েহে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ এই প্ৰক্ৰিয়া অৰ্থহীন হ’ব। (৩) ২৭.০১.২০২০ তাৰিখে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বি টি চি চৰকাৰ, এবছু, এন ডি এফ বিৰ চাৰিওটা গোটৰ মাজত নতুন বি টি আৰ চুক্তি সম্পাদন হৈছে। উক্ত চুক্তিৰ ৩ নং দফাত স্পষ্টকৈ উল্লেখ আছে যে বৰ্তমানৰ বি টি চিৰ সীমা পুনৰ নিৰ্ধাৰণ হ’ব, কিছু গাঁও কৰ্তন যাব, কিছু গাঁও নতুনকৈ অন্তৰ্ভুক্ত হ’ব। গতিকে বি টি আৰৰ সীমা নিৰ্ধাৰণ নকৰাকৈ বিধানসভা আৰু লোকসভা সমষ্টিৰ সীমা নিৰ্ধাৰণ হ’লে পূৰ্বৰ দৰে বহুকেইটা সমষ্টি বি টি আৰ আৰু বি টি আৰৰ বাহিৰৰ অঞ্চল সামৰি ল’ব যিটোৱে প্ৰশাসনিক তথা উন্নয়নমূলক কামত বহু বাধাৰ সৃষ্টি কৰিব।

বৰ্তমান গৌৰীপুৰ, বিজনী, সৰভোগ, পাটাছাৰকুছি, ভৱানীপুৰ, কলাইগাঁও, মাজবাট ইত্যাদি বিধানসভা সমষ্টিৰ লগতে কোকৰাঝাৰ, বৰপেটা, ধুবুৰী, মঙলদৈ, লোকসভা সমষ্টিৰ প্ৰশাসনিক আৰু উন্নয়নমূলক কামত কিছু কিছু ঠাইত বহু জটিলতাই দেখা দিয়া পৰিলক্ষিত হৈছে। গতিকে প্ৰথমতে বি টি আৰৰ সীমা নিৰ্ধাৰণ কৰি বিধানসভা আৰু লোকসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰিলে উক্ত জটিলতাসমূহৰ উদ্ভৱ নহ’ব।

(৪) কোৰোনাই মহামাৰী ৰূপ ধাৰণ কৰি সমগ্ৰ বিশ্বকে স্তিমিত কৰি দিয়াৰ সময়ত ভাৰত চৰকাৰে অসমৰ দৰে সমস্যা জৰ্জৰিত ৰাজ্যৰ সমষ্টিৰ সীমা নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা দিয়াটোৱেই অনুচিত হৈছে। এই জটিল সময়ত চৰকাৰৰ লগতে স্থানীয় ৰাইজে ঐক্যবদ্ধভাৱে কোৰোনা ভাইৰাছৰ সংক্ৰমণক প্ৰতিহত কৰাৰ বাবে যুঁজি আছে। মন কৰিবলগীয়া যে কোৰোনাৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ২৫-০৪-২০২০ তাৰিখৰ আদেশৰ জৰিয়তে ০১-০৪-২০২০ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়ল ও এন পি আৰ প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়া স্থগিত কৰিছে যদিও সমষ্টিৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া চলি আছে। এনে জটিল সময়ত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ কাম বন্ধ কৰক।

গতিকে কেন্দ্ৰীয় চৰকাৰে অতিশীঘ্ৰে ওপৰত উল্লেখিত কাৰণসমূহৰ সঠিক সমাধান নকৰালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম স্থগিত ৰাখিব লাগে বুলি ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটিৰ তৰফৰ পৰা উপদেষ্টা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া মহম্মদ আলাউদ্দিন আৰু মাহতাবউদ্দিন, সভাপতি ড০ আতোৱাৰ ৰহমান, কাৰ্যকৰী সভাপতি আব্দুল বাতিন খন্দকাৰ, উপ-সভাপতি তথা প্ৰাক্তন উপায়ুক্ত আব্দুৰ ৰহিম শ্বেখ, প্ৰাক্তন যুটীয়া সচিব এমৰান হুছেইন খন্দকাৰ আৰু সম্পাদক মাজেদুৰ ৰহমানে এই প্ৰেছ বিবৃতিযোগে দাবী জনায়।

বৃহস্পতিবাৰে সংবাদমেলত আসাম চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ প্ৰাক্তন অধ্যক্ষ ডাঃ তৌফিকুৰ ৰহমান বৰবাৰ, প্ৰাক্তন উপায়ুক্ত আব্দুৰ ৰহিম শ্বেখ, প্ৰাক্তন এ চি এছ এমৰান হুছেইন খন্দকাৰ, ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটিৰ সম্পাদক মাজেদুৰ ৰহমান উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *