Home Main Stories বিৰোধী শক্তি ঐক্যবদ্ধ হ’ব নোৱাৰাৰ বাবেই বিজেপিৰ বিজয় হ’ল” অজিত কুমাৰ

বিৰোধী শক্তি ঐক্যবদ্ধ হ’ব নোৱাৰাৰ বাবেই বিজেপিৰ বিজয় হ’ল” অজিত কুমাৰ

125
0

ভূঞা ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ মে’ : সদ্যসমাপ্ত অসম বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে শোচনীয়ভাৱে পৰাজয়বৰণ কৰা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিছে আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত

কুমাৰ ভূঞাই। আজি খানাপাৰাৰ হোটেল লিলিত আয়োজিত এক সংবাদমেলত সাংসদ অজিত কুমাৰ ভূঞাই কয়— “বিৰোধী শক্তিসমূহ ঐক্যবদ্ধ হ’ব নোৱাৰাৰ বাবেই এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ল। তেওঁ লগতে কয় যে বিৰোধী শক্তিসমূহ একগোট নোহোৱাৰ বাবে মহাজোঁটে পৰাজয় বৰণ কৰিলে। তেওঁ লগতে শেহতীয়াকৈ চৰকাৰ গঠন সন্দৰ্ভতো উল্লেখ কৰি কয় যে বৰ্তমান মুখ্যমন্ত্ৰীকেন্দ্ৰিক বাদ-বিসম্বাদ আৰম্ভ হৈছে। আনহাতে তেওঁ বিজেপিক উদ্দেশ্যি কয় যে টকা-পহ×চা সৰহ হাৰত শাসকপক্ষহ× বিলাইছিল আৰু সেই বাবেই মই আৰম্ভণিৰে পৰাই কৈ আহিছিলো বিৰোধী শক্তিক এক্যবদ্ধ হ’বলৈ। আঞ্চলিক গণ মৰ্চাৰ তৰফৰ পৰা বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল টকা-পহ×চাৰ

ক্ষেত্ৰত, কিন্তু আমি দিছপুৰ আৰু বোকাখাতৰ নিচিনা দুখন ঠাইত যুঁজিবলৈ সাজু হৈছিলোঁ। পৰাজয় বৰণ কৰিছোঁ যদিও আমি এহ× কম সময়ৰ ভিতৰত বহু লোকৰ হৃদয়ত স্থান পাবলৈ সক্ষম হ’লো।” আনহাতে মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিবাদক লৈ ভূঞাই কয়— ‘মুখ্যমন্ত্ৰীকেন্দ্ৰিক বাদ-বিসম্বাদ আৰম্ভ হৈছে বিজেপি দলৰ মাজত আৰু সেই বাবেই এতিয়ালৈকে এই কোৰোনা ত্ৰাসৰ মাজতো সোনকালে এখন চৰকাৰ গঠন কৰিব পৰা নাই। ক্ষমতাৰ খঁকত বলিয়া হোৱাতকৈ ৰাইজৰ উন্নয়ন কৰাটোতহে বেছিকৈ গুৰুত্ব দিয়া উচিত।’ ‘অক্সিজেন, ভেকচিন আৰু বিছনাৰ অভাৱত যাতে ৰাহ×জে জীয়াতু ভুগিব নালাগে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জনতাক লগত লৈ কিয় কাম কৰিব নোৱাৰে এইখন চৰকাৰে ?

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দেখাদেখিয়েহ× হোৱা নাই এতিয়ালৈকে। ভেকচিন গোটাব পৰা নাই,অথচ ভুৱা প্ৰচাৰত গুৰুত্ব আৰোপ কৰিছে। সেইখন চৰকাৰে কেৱল মিছা কথা ক’বহে পাৰে আৰু জনতাক এহ×দৰে বিপথে পৰিচালিত কৰিছে।’— ভূঞাই কয়। নেতাসকলে বিভিন্ন কথা কৈ পৰিস্থিতি বেলেগ ফালে ঢাল খুৱাব বিচাৰিছে।

মুখ্যমন্ত্ৰীকেন্দ্ৰিক যুঁজ নাইকিয়া হ’ব লাগে আৰু ৰাহ×জৰ স্বাৰ্থ সুৰক্ষিত কৰাত গুৰুত্ব দিব লাগে।’ তদুপৰি অখিল গগৈক বিজয়ৰ বাবে শুভকামনা জ্ঞাপন কৰি লুৰীণজ্যোতি গগৈ এটা সমষ্টিতো জয়ী হোৱা হ’লে সুখী হ’লোহেঁতেন বুলি ভূঞাই উল্লেখ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here