Monday , September 21 2020
শেহতীয়া খবৰ

বুঢ়ীদিহিং নদীৰ ব্যাপক গৰাখহনীয়া । শলকনি মাজুলীৰ বুঢ়ীদিহিঙৰ পাৰত টেঙাখাত আছু’ৰ প্ৰতিবাদী ধৰ্ণা

গণ বাৰ্তা,টেঙাখাত , ১১ জুলাই : দুলিয়াজান বিধান সভা সমষ্টিৰ তথা টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ভেৰেকিবাম তথা সংলগ্ন নাহৰকটীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত শলকনি মাজুলীত দীৰ্ঘ দিনৰ পৰা ব্যাপক গৰাখহনীয়াই অঞ্চলটোৰ ৰাইজৰ বিস্তৰ ক্ষতি কৰি ৰাইজক দুৰ্দশা অৱস্থাত পৰিণত কৰিছে । ৰাইজৰ গছগছনি শাক পাচলিৰ পথাৰ ধানৰ পথাৰৰ হেক্টৰ হেক্টৰ মাটি বুঢ়ীদিহিঙৰ গৰাখহনীয়াই নষ্ট কৰি পেলোৱাত ভুক্তভূগী ৰাইজে মূৰে কপালে হাত দিব লগা হৈছে জনপ্ৰতিনিধি সকলে বছৰ বছৰ ধৰি মিছা প্ৰতিশ্ৰুতি দি অহাত ৰাইজ ক্ষোভিত হৈ পৰিছে। উল্লেখ্য যে দুলিয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে উক্ত বুঢ়ীদিহিং নদীৰ সমগ্ৰ খহনীয়া অঞ্চল নৌকা যাত্ৰাৰে পৰিদৰ্শন কৰাৰ অন্তত ৰাইজৰ সম্বৰ্ধনা গ্ৰহণ কৰি গৰাখহনীয়া সমস্যা      স্থায়ী সমাধানৰ বাবে প্ৰতিশ্ৰুতি দিছিল। তেনেদৰে বিধায়ক নৰেন সোনোৱালেও নৱনিৰ্বাচিত বিধায়ক হোৱাৰ পিছত ৰাইজৰ সম্বৰ্ধনা গ্ৰহন কৰি গৰাখহনীয়া সমস্যা সমাধানৰ সৰ্বাধিক প্ৰাধান্যৰে কামত ব্ৰতী হোৱাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু পৰবৰ্তী সময়ত তেওলোকে সমষ্টিৰ ৰাইজক পিঠি দিলে।সেয়েহে ৰাইজৰ লগতে দল সংগঠন জনপ্ৰতিনিধিৰ বৰুদ্ধেক্ষোভিত হৈ পৰিছে ।তাৰেই ফলশ্ৰুতিত আজি টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাই স্থানীয় ৰাইজক লগত লৈ বুঢ়ীদিহিং নদীৰ কাষত শলকনি মাজুলিত এক প্ৰতিবাদী ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে ৷আজি দিনৰ প্ৰায় ১২বজাত টেঙাখাত আঞ্চলিক আৰু ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ একাংশ ছাত্ৰ নেতা কৰ্মী তথা স্থানীয় একাংশ ৰাইজ বুঢ়ীদিহিং নদীৰ উক্ত ব্যাপক গৰাখহনীয়াৰ স্থানত উপস্থিত হৈ হাতে হাতে চৰকাৰ বিভাগীয় মন্ত্ৰী-বিধায়ক বিৰুধী বিভিন্ন শ্ল’গান সন্নিৱিষ্ট প্লেকাৰ্ড লৈ অসম চৰকাৰ হাঁয় হাঁয় ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল লেই লেই ছেই ছেই , জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত মূৰ্দাবাদ , বিধায়ক তেৰছ গোৱালা – নৰোল,সোনোৱাল মূৰ্দাবাদ , গৰাখহনীয়া সমস্যা সমাধা কৰক , গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰক আদি বিভিন্ন শ্ল’গান দি উত্তাল পৰিবেশৰ সৃষ্টি কৰে । প্ৰতিকুল বতৰকো নেওচি আধা ঘণ্টা ধৰ্ণা দিয়াৰ পিছত উক্ত স্থানতে এখন প্ৰতিবাদ সভা অনুষ্ঠিত কৰে । টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দ্বীপজ্যোতি শইকীয়াই পৰিচালনা কৰা ভাৰপ্ৰাপ্ত সম্পাদক কুলদ্বীপ ফুকনে আঁত ধৰা উক্ত সভাত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপ – সভাপতি ধনজিৎ সন্দিকৈ সাহিত্য সম্পাদক অৰ্জুন ছেত্ৰী প্ৰাক্তন ছাত্ৰ নেতা জয়ন্তু শইকীয়াই সমালোচনাত্মক তথা কৰ্তব্যত অগ্ৰহৰ হৈ কৰ্তৃপক্ষ জনপ্ৰতিনিধি আৰু চৰকাৰক গৰাখহনীয়া প্ৰতিৰোধৰ বাবে হেচা প্ৰয়োগ কৰিব লগা উপায় আৰু দিশ সমূহ ব্যাখ্যা কৰি বক্তব্য ৰাখে ।

Leave a Reply

Your email address will not be published. Required fields are marked *