Home স্থানীয় বুঢ়ীদিহিং শাখা সাহিত্য সভাৰ বিশেষ অনুষ্ঠানঃ ড° ভাৰতী ধাদুমীয়াক বিপুল অভিনন্দন

বুঢ়ীদিহিং শাখা সাহিত্য সভাৰ বিশেষ অনুষ্ঠানঃ ড° ভাৰতী ধাদুমীয়াক বিপুল অভিনন্দন

86
0

গণ বাৰ্তা, ডুমডুমা ৫ মে’ঃ আজি বুঢ়ীদিহিং শতদল শাখা সাহিত্য সভা আৰু ন-তালপথাৰ প্ৰাথমিক বিদ্যালয় সোণালী জয়ন্তী উদযাপন সমিতিৰ আলোচনী বিভাগৰ যৌথ উদ্যোগত ভক্ত ধাদুমীয়াৰ বাসগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী আৰু অভিনন্দন অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা শেহতীয়াকৈ পি এইচ ডি লাভ কৰা ড° ভাৰতী ধাদুমীয়াক বিপুলভাৱে অভিনন্দন জনোৱা হয়।  ইফালে উক্ত অনুষ্ঠানতে ন-তালপথাৰ প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে গৱেষক ছাত্ৰ মণ্টু মৰাণৰ সম্পাদনাত প্ৰকাশিত ‘ভাষা সাহিত্য সংস্কৃতিত এভুমুকি’ নামৰ ৪২৮ পৃষ্ঠাযুক্ত ডেৰকুৰিৰো অধিক প্ৰখ্যাত লেখকৰ প্ৰৱন্ধৰে সমৃদ্ধ স্মাৰক গ্ৰন্থখন (যিখন যথা সময়ত উন্মোচিত নহ’ল) উন্মোচন কৰে ‘আপকু’ৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা, জ্যেষ্ঠ সাংবাদিক ৰবীন মৰাণে। বুঢ়ীদিহিং শতদল শাখা সাহিত্য সভাৰ সভাপতি সুমন মৰাণৰ সভাপতিত্বত আৰু সম্পাদক কিশোৰ বৰুৱাই আঁ‌ত ধৰা অনুষ্ঠানত শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় অসম সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ উপসভাপতি মোহন মৰাণ, বুঢ়ীদিহিং শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বলীন্দ্ৰ মহন্ত, আপকুৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক সুৰজিৎ বড়া, অভিনন্দিত ভাৰতীৰ পিতৃ ভক্ত ধাদুমীয়া আদিয়ে। অনুষ্ঠানৰ শেষত ড° ভাৰতী ধাদুমীয়াই তেওঁৰ শৈক্ষিক জীৱন সন্দৰ্ভত সাৱলীল কথনেৰে বক্তব্য আগবঢ়ায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here