Thursday , August 13 2020
শেহতীয়া খবৰ

বেঁকী নৈৰ বানপানী আৰু গৰাখহনীয়া পৰিদৰ্শন ৰাজ্যপাল জগদীশ মুখীৰ ঃ নিজাববীয়াকৈ উদ্যোগ গ্ৰহণৰ আশ্বাস

গণ বাৰ্তা বিশেষ, বৰপেটাৰোড, ৩০ জুলাইঃ অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে আজি বৰপেটা আৰু বাক্সা জিলাৰ ভালেমান বান আৰু গৰাখহনীয়াবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে। এই লৈ ৰাজ্যপালগৰাকীয়ে প্ৰথমতে বৰপেটা জিলাৰ ছাফাকামাৰত উপস্থিত হৈ অঞ্চলটোৰ গৰাখহনীয়া পৰিস্থিতিৰ বুজ লয়। তেওঁ লগতে চূণবাৰী, বিছপানী অঞ্চললৈ ওৈগ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ লগতো বাৰ্তালাপ কৰে। পিছত তেওঁ মথনগুৰিলৈ যায় আৰু তাত বেঁকী নৈৰ গতিপথ  পৰিদৰ্শন কৰে। বাক্সা আৰু বৰপেটা জিলাৰ গৰাখহনীয়া আৰু বানবিধবস্ত এলেকাসমূহ পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰে। উল্লেখ্য যে হিমালয়ৰ পাদদেশৰ পৰা আৰম্ভ হোৱা বেঁকী নৈয়ে প্ৰতিবছৰে প্ৰবল বানপানী আৰু গৰাখহনীয়াৰ সৃষ্টি কৰি শ শ লোকক গৃহহীন কৰি সৰ্বস্বান্ত কৰি আহিছে। বিগত ২০০৪ চনত নাৰায়ণগুৰিত বান্ধ ছিগি যি প্ৰলয়ংকৰী বানপানীৰ সৃষ্টি কৰিছিল আজিও অঞ্চলটোৰ ৰাইজে তাক পাহৰিব পৰা নাই।

বৰ্তমানো এলেঙামাৰী, চূণবাৰী, বিছপানী, গোৱৰ্ধনা, বৰদোংগা, ওদালগুৰি, কেতেকীবাৰী, কুৰোবাহা, পূব মইনবড়ীত প্ৰবল গৰাখহনীয়া আৰু বানপানী জ্বলন্ত সমস্যা হৈয়ে আছে।  সেয়ে তেখেতে বিষয়টো গভীৰভাৱে লৈ এইক্ষেত্ৰত জলসম্পদ আৰু ভূমি সংৰক্ষণ আদি বিভাগৰ লগত আলোচনা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। আবেলি অনুষ্ঠিত হোৱা সংবাদ মেলখনত ৰাজ্যপালগৰাকীয়ে লগতে কয়–  মানাহ আৰু বেঁকী নদীৰ গৰাখহনীয়া আৰু বানপানীৰ সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ২০৩ কোটি টকাৰ এখন আঁচনি দাখিল কৰা হৈছে। এইক্ষেত্ৰত আঁচনিখনৰ অনুমোদনৰ বাবে তেখেতেও বিশেষ উদ্যোগ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। ৰাজ্যপালগৰাকীৰ আজিৰ এই পৰিদৰ্শন কালত তেখেতক সংগ দিয়ে বিটিএডিৰ মুখ্য প্ৰশাসক ৰাজেশ প্ৰসাদ, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিএডিৰ মুখ্য সচিব ডঃ সিদ্ধাৰ্থ সিঙে।

Leave a Reply

Your email address will not be published. Required fields are marked *