Sunday , September 20 2020
শেহতীয়া খবৰ

বোকাখাতত বানৰ সংহাৰী ৰূপ অব্যাহত, কাজিৰঙাত হাহাকাৰ, সৰু বাহনৰ যাতায়াতৰ অনুমতি

বানপানীত পৰি যুৱকৰ সলিল সামাধি‍

বোকাখাতৰ জাপৰি পথাৰত সাহায্য প্ৰদান অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

গণ বাৰ্তা, বোকাখাত, ১৪ জুলাইঃ ৰাজ্যজুৰি কৰ’না মহামাৰীৰ আতংক অব্যাহত থকাৰ সময়তে বছৰৰ দ্বিতীয়টো বানে তচনচ কৰি পেলাইছে সমগ্ৰ বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চল৷ বৰ্তমানেও বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে বোকাখাতত৷ বছৰৰ দ্বিতীয়টো ভয়াবহ বানত বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত জাপৰি পথাৰ অঞ্চলৰ ৰাইজৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ দুবেলা দুমুঠি খাবলৈ চিন্তা কৰিবলগীয়া হৈছে গাঁওখনৰ লোক সকলে৷ জাপৰি পথাৰ অঞ্চলৰ দুখ-দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি ‘মানুহে মানুহৰ বাবে’ ভূপেন দাই গাই যোৱা সেই চিৰসেউজ গীতক সুঁৱৰি অকণমান সহায় কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ বিষয়ববীয়া সকল৷ অঞ্চলটোৰ প্ৰায় ৫০ ঘৰ মানুহক সংগঠনটোৰ বিষয়ববীয়া সকলে বানাক্ৰান্ত সকলক যৎপৰোনাস্তি সাহায্য বিতৰণ কৰে৷ প্ৰতিঘৰ মানুহক সংগঠনটোৱে দালি, আলু, বিস্কুট, চাবোন, চয়াবিন, পানীৰ বটল আদি বিতৰণ কৰে৷ উক্ত সাহায্য বিতৰণ কাৰ্যসূচীত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ জিলা সমিতিৰ সভাপতি মাধুৰ্য দাস, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰেৱ হাজৰিকা, সহকাৰী সাধাৰণ সম্পাদক ৰাহুল দাস, কাৰ্যনিৰ্বাহক সদস্য দীপ দাস, বিত্ত সম্পাদক দীনেশ দাসৰ লগতে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক হেমন্ত দাস উপস্থিত থাকে৷ সংগঠনটোৰ এনে মহানুভৱতাক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে৷
ইফালে, আজিৰ চৰকাৰী তথ্য অনুসৰি, বোকাখাত মহকুমাৰ অন্তৰ্গত মহুৰা মৌজাৰ ধনশিৰি টেমেৰা, ৰিৰি, নিকৰি, বংকোৱাল,  মাজদলপা, ভলুকাগুৰি, অফলা, গৰৈমাৰি, বিলতীয়া, হাঁহচৰা, বৰপাক, বৰটিকা, গৰিয়া গাঁও, বুধবাৰী, ঢোদাং আৰু ৰঙাগড়া  গাঁও বানৰ কবলত পৰিছে৷ তেনেদৰে, বোকাখাত মৌজাৰ অন্তৰ্গত, দুই নং পৰঙ্গনীয়া, মোৰিয়াহোলা, শিলজুৰি কাকজুৰি, যোগনীয়া আটি, দিঘলীআটি, কুৰুৱাবাহী, কুৰুৱাবাহী সত্ৰ, বৰাইখোৱা, যুগল আটি গাওঁ, দ গাওঁ, বোকাখাত টাউন [ৱাৰ্ড নং ১], কুমাৰণী আটি, কুমাৰণী পথাৰ, ৰৌদুৱাৰ পথাৰ গাঁও সম্প্ৰতি বানৰ তলত৷ আনহাতে, কাজিৰঙা মৌজাৰ অন্তৰ্গত বেলগুৰি, বহিখোৱা, দুই নং শিলডুবি, ১ নং শিলডুবি, হাতীখুলি বাগিছা গাঁও, হালধিবাৰী, বামুণ গাঁও, কাজিৰঙা এন. চি, জাপৰি পথাৰ, ডিফলু পথাৰ, তামুলী পথাৰ, ২ নং কহঁৰা গাঁও, আহোম গাঁও, কান্ধুলিমাৰি, বৰজুৰি বাগিচা গাঁও, বৰজুৰি গাঁও, শিলজুৰি, মেঠনি, গোঁসানীবৰ, ১ নং ডোমজান, ২ নং ডোমজান, বচাগাঁও, অগৰাতলি, ম’হপৰা, লুখুৰাখনীয়া, ১ নং কঁহৰা, চেপেনাকোবোৱা, ২ নং শিলডুবি, বেজ গাঁও, পলাশগুৰি গাঁও, কৰৈআটি গাঁও, হালোৱা গাঁও, কলাখোৱা গাঁও বিস্তৰভাৱে ক্ষতিগ্ৰস্থ হৈছে৷ আনহাতে, মহকুমাটোত বানত ক্ষতিগ্ৰস্ত কৃষিভূমি প্ৰায় ১৬১৬ হেক্টৰ৷ বৰ্তমানলৈকে বানত প্ৰভাৱিত জনসংখ্যা প্ৰায় ৮০,৪০০৷ অৱশ্যে, বেচৰকাৰীভাৱে এই সংখ্যা অধিক হ’ব বুলি জানিব পৰা গৈছে৷ ইফালে, বানাক্ৰান্তৰ মাজত আজি পৰ্যন্ত বিতৰণ কৰিছে ১৫২৮.৮৩৬ কুইন্টল চাউল, ২৮০.৫১ কুইন্টল দাইল, ৮৪.১৫৩ কুইন্টল নিমখ, ৮৪১৫.৩ লিটাৰ মিঠাতেল, ৮৩ কি.গ্ৰাম চেনি, ১৬৬ পেকেট শিশু খাদ্য, ৩২০ কুইন্টল পশুখাদ্য, ১২৫ পেকেট মমবাতি, ৫০ পেকেট জুইশলা বাকচ আৰু ৯০ পেকেট মহ খেদোৱা ধূপ৷ ইফালে, বানপানী আক্ৰান্ত এলেকাত নতুনকৈ ১৪ টা হেণ্ড টিউবৱেল স্থাপন কৰাৰ লগতে ১৬ টা হেণ্ড টিউবৱেল মেৰামতি কৰা হয়৷ ১৭ টা আশ্ৰয় শিবিৰ চেনিটাইজ কৰাৰ উপৰিও ৫০ টা কেমিকেলৰ পেকেট, ৫০০ টা ব্লিচিং পাউদাৰৰ পেকেট, ৬০০০ টা হেলজেন টেবলেট আৰু কহঁৰা এলেকাত ২০০০ লিটাৰ খোৱাপানী যোগান ধৰা হয়৷ বৰ্তমানলৈকে ৬০ টা বান সাহাৰ্য বিতৰণ শিবিৰ স্থাপন কৰা হয়৷ বিভিন্ন স্থানত  ১৬ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে৷ এই আশ্ৰয় শিবিৰত থকা লোকৰ সংখ্যা ২২৩০ জন৷ মহকুমাটোত ৪ চিকিৎসা শিবিৰ স্থাপন কৰাৰ লগতে ৪ টা পশু চিকিৎসা শিবিৰো স্থাপন কৰা হৈছে৷ দুৰ্ভাগ্যজনক ভাৱে কান্দুলিমাৰী গাঁৱৰ মহেন্দ্ৰ খেৰীয়াৰ ২২ বছৰীয়া পুত্ৰ বাবু খেৰীয়া বানপানীত উটি যায় আৰু পিচত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *