Home Main Stories বোকাখাতৰ প্ৰথমগৰাকী প্ৰশাসনিক বিষয়া, সাহিত্যিক শিশুৰাম পেগুৰ দেহাৱসানঃ

বোকাখাতৰ প্ৰথমগৰাকী প্ৰশাসনিক বিষয়া, সাহিত্যিক শিশুৰাম পেগুৰ দেহাৱসানঃ

94
0

গণ বাৰ্তা বিশেষ, বোকাখাত, ৭ মেঃ বোকাখাত মহকুমাৰ প্ৰথমগৰাকী এ চি এচ বিষয়া সাহিত্যিক শিশুৰাম পেগুৰ আজি বিয়লি ২-৪৫ বজাত বোকাখাতস্থিত নিজা বাসগৃহত ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ ১৯৩০ চনত বোকাখাতৰ ধনশিৰিমুখত জন্ম গ্ৰহণ কৰা শিশুৰাম পেগুৱে প্ৰাথমিক, মাধ্যমিক, উচ্চ শিক্ষা, প্ৰশাসনিক শিক্ষা গ্ৰহণ কৰি অসম অসামৰিক সেৱাৰ এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে চাকৰিত যোগদান কৰে ৷ সুদীৰ্ঘ ৩৩ বছৰ কাল অসমৰ উজনিৰ পৰা নামনিলৈ প্ৰশাসনিক বিষয়া বিচাপে কৰ্মৰত শিশুৰাম পেগুৱে ১৯৮৮ চনৰ ৩১ মাৰ্চত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ চাকৰি জীৱনৰ লগতে সাহিত্যিক হিচাপেও শিশুৰাম পেগুৰ এক বিশেষ দখল আছিল ৷ তেওঁ ‘ধনশিৰিমুখৰ কথা’, ‘মোৰ জীৱন দৃষ্টি’ (আত্মজীৱনী), ‘ধনশিৰি গাঁৱৰ ডেকাজন’, ‘বিভ্ৰম’, ‘ছদ্মনামত লক্ষণ চিকাৰী’, ‘পোৰা সোণৰ টুকুৰা’ আদি কুৰিখনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰি সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে ৷ চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পাছতেই মিচিং জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে শিশুৰাম পেগুৱে বিভিন্ন আঁচনি গ্ৰহণ কৰি জনগোষ্ঠীটোক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছিল ৷ শিশুৰাম পেগুৰ তিনিজন পুত্ৰ ক্ৰমে মনোজ পেগু, ৰনোজ পেগু, প্ৰমোজ পেগু আৰু এগৰাকী কন্যা নন্দিতা পেগুক উচ্চশিক্ষাৰে শিক্ষিত কৰি উচিত সংস্থাপন দিবলৈ সক্ষম হৈছিল ৷ তিনি পুত্ৰৰ ভিতৰত মাজু পুত্ৰ ৰনোজ পেগু অসমৰ সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হৈ আছে ৷ সদ্য ঘোষিত ২০২১ ৰ বিধানসভা নিৰ্বাচনত মাজু পুত্ৰ ৰনোজ পেগু ধেমাজী সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে ৷ শিশুৰাম পেগুৰ একমাত্ৰ কন্যা নন্দিতা পেগুৰ জোঁৱাই পৰমানন্দ চায়েঙীয়া মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ আজি বিয়লি শিশুৰাম পেগুৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ক’ভিড প্ৰট’কলৰ সকলো নীতি নিয়ম ৰক্ষা কৰি আত্মীয় কুটুম্বৰ লগতে শুভাকাংখী উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ মাজু পুত্ৰ ৰনোজ পেগু আৰু একমাত্ৰ কন্যা নন্দিতা পেগু আৰু জোঁৱাই পৰমানন্দ চায়েঙীয়া আহি নোপোৱাৰ বাবে কাইলৈ পুৱা বেলাতে ক’ভিডৰ সকলো নীতি-নিৰ্দেশনা ৰক্ষা কৰি শেষকৃত সম্পন্ন কৰিব ৷ শিশুৰাম পেগুৱে মৃত্যুৰ সময়ত পত্নী ৰেৱতী পেগুৰ লগতে তিনি পুত্ৰ-বোৱাৰী, একমাত্ৰ কন্যা-জোঁৱাই আৰু বহু কেইগৰাকী নাতি-নাতিনীক ইহসংসাৰত এৰি থৈ গৈছে ৷ শিশুৰাম পেগুৰ মৃত্যুৱে সমগ্ৰ বোকাখাততেই শোকৰ ছাঁ পেলাইছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here