শেহতীয়া খবৰ

ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ উদ্যোগত আৰ্তজনক সহায়

গুৱাহাটীৰ বিভিন্ন অঞ্চল, বৰপেটাৰ চৰাঞ্চলত সাহায্যৰ টোপোলা

দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ  কোৰোনা ভাইৰাছৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হোৱা দেশখনত এতিয়া এমুঠি অন্নৰ বাবে কষ্ট কৰিবলগীয়া হৈছে। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকসকল। আনহাতে লকডাউনৰ ফলত গুৱাহাটী মহানগৰীত বিভিন্ন কামত দৈনিক মজুৰিত শ্ৰম দান কৰা লোকসকলে সম্প্ৰতি আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে। প্ৰায় দুটা মাহ ধৰি চলা লোকডাউনৰ ফলত একাংশ শ্ৰমিক আৰু দৰিদ্ৰ পৰিয়ালৰ আৰ্থিক দিশ দুৰ্বল হৈ পৰিছে। এমুঠি অন্নৰ বাবে সংগ্ৰাম কৰিবলগীয়াত পৰিছে একাংশ লোক। কোৰোনা ভাইৰাছৰ বাবে লকডাউন ঘোষণা কৰাৰ পিছতে এনে লোকসকলে বিভিন্ন সমস্যাৰে বসবাস কৰি আহিবলগীয়াত পৰিছে।

এনেসময়তে এইসকল লোকৰ কাষত উপস্থিত হৈছে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটি। বিগত দুটা দিন ধৰি ব্ৰহ্মপুত্ৰ ভেলি চিভিল ছ’চাইটিয়ে এনে লোকক সাহায্যৰ টোপোলা বিতৰণ কৰিছে। গুৱাহাটীৰ কটাবাৰী, দক্ষিণগাঁও, হাতীগাঁও পাঁচআলি, মাজাৰ, জনকপুৰ, কাহিলীপাৰা, সাংবাদিক কলনি, আদাবাৰী, জালুকবাৰী, চাৰ্ভে, ছয়মাইল আদি অঞ্চলত দুখীয়া লোকক সাহায্য সামগ্ৰী বিতৰণ কৰে। লকডাউনৰ বাবে ক্ষতিগ্ৰস্ত লোকসকলক দুবেলা দুমুঠি অন্ন যোগান ধৰাৰ বাবে ব্ৰহ্মপুত্ৰ ভেলি চিভিল ছ’চাইটিৰ উদ্যোগত বিভিন্ন জনৰ পৰা বৰঙণি সংগ্ৰহ কৰি আনি প্ৰায় একহাজাৰ টা পৰিয়ালক চাউল, দাইল, নিমখ, আলু-পিঁয়াজকে আদি কৰি খাদ্য সামগ্ৰী বিতৰণ কৰে।

উল্লেখ্য যে অকল গুৱাহাটী মহানগৰীতে নহয় বৰপেটা জিলাৰ চৰ অঞ্চলতো ব্ৰহ্মপুত্ৰ ভেলি চিভিলি ছ’চাইটিৰ উদ্যোগত সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। গুৱাহাটীৰ বিভিন্ন অঞ্চলত সংগঠনটোৰ সভাপতি ড০ আতোৱাৰ ৰহমান, কাৰ্যকৰী সভাপতি আব্দুল বাতিন খণ্ডকাৰ, উপসভাপতি তথা অৱসৰপ্ৰাপ্ত উপায়ুক্ত আব্দুৰ ৰহিম শ্বেখ, অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া এএইছ খণ্ডকাৰ, আব্দুল কাচেম, সংগঠনটোৰ সাধাৰণ সম্পাদক ছাহজাহান তালুকদাৰ, সম্পাদক মাজেদুৰ ৰহমানে স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা পালন কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখি দুখীয়া লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে। আনহাতে বিভিন্ন অঞ্চলত সংগঠনটোৰ প্ৰতিনিধি হিচাপে সাহায্য সামগ্ৰী বিতৰণ কৰে আপচাৰ আলী, আব্দুল হালিম খানে।

Leave a Reply

Your email address will not be published. Required fields are marked *