Monday , September 21 2020
শেহতীয়া খবৰ

বৰচিলা চাহ বাগিছাত ধৰ্ণা কাৰ্যসূচী : ৩৫১ টকা মজুৰিৰ দাবীত অটল আটছা

গণ বার্তা, আমগুৰি, ১৩ ছেপ্তেম্বৰঃ আজি শ্ৰমিক সকলৰ প্ৰাপ্য সা সুবিধা প্ৰদানকে ধৰি বিভিন্ন দাবীত শিৱসাগৰ জিলাৰ বৰচিলা চাহ বাগিচাত এক ধৰ্ণা কাৰ্যসূচীৰে পৰিবেশ উত্তাল কৰে আমগুৰি আটছাৰ উপ শাখাই। প্ৰায় শতাধিক ছাত্ৰ কৰ্মীয়ে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হাই হাই, বাগিছা কৰ্তৃপক্ষ হাই হাই, চাহ শ্ৰমিকৰ শোষণ নচলিলিব, মজুৰি ৩৫১ টকা বৃদ্ধি কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰে। দুই ঘন্টিয়া ধৰ্ণাৰ অন্তত প্ৰতিবাদকাৰীসকলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, শ্ৰমিকৰ অনাদায় পি এফৰ ধন জমা কৰা, গ্ৰেচুইটিৰ ধন মোকলাই দিয়া, নিযুক্তি প্ৰদান, খোৱাপানীৰ যোগান ধৰা, বাসগৃহ প্ৰতি বছৰে মেৰামতি কৰা , পৰিয়াল কেন্দ্ৰিক নিযুক্তিৰ ব্যৱস্থা কৰাকে ধৰি বহু কেইটা দাবী সম্বলিত এক পত্ৰ বৰচিলা চাহ বাগিচাৰ মুখ্য পৰিচালকৰ হাতত প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *