Monday , September 21 2020
শেহতীয়া খবৰ

বৰডুবি চাহ বাগিছাৰ তিনিদলং লাইনত মহিলাৰ মৃতদেহ উদ্ধাৰ ।

:দলংখনৰ পৰা পৰি মহিলাগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ ।

গণ বাৰ্তা,‌ ফিল’বাৰী,২৬ জুলাই:-ডুমডুমা থানাৰ অন্তৰ্গত বৰডুবি চাহ বাগিছাৰ ডুমডুমা নৈৰ তিনিদলংৰ তলত আজি ‌পুৱাৰ ভাগতেই এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। উদ্ধাৰ হোৱা মহিলাৰ মৃতদেহটো বৰডুবি চাহ বাগিছাৰ তিনিদলং লাইনৰ গঙ্গা মুণ্ডাৰ (৪৪) বুলি জানিব পৰা গৈছে । ডুমডুমা‌ নৈৰ তিনিদলংৰ‌ তলত মৃতদেহ উদ্ধাৰ হোৱা
গঙ্গা মুণ্ডা নামৰ এই মহিলাগৰাকী শনিবাৰে‌ বৰডুবি চাহ বাগিচাৰ চিকিৎসালয়লৈ যোৱাৰ সময়ৰ পৰাই সন্ধানহীন হৈ আছিল। স্থানীয় লোকে ৰাতিপুৱা ‌মহিলা গৰাকীৰ ‌মৃতদেহ দলংৰ তলত‌ উপঙি থকা দেখি আৰক্ষীক খববৰ দিয়াত ঘটনাস্থলীত ডুমডুমা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে । উল্লেখযোগ্য যে, ডুমডুমা-বৰডুবি সংযোগী পথৰ ডুমডুমা নৈৰ ওপৰত থকা পকী দলংখন কিছুদিন পূৰ্বে বাঢ়নী পানীয়ে খহাই নিয়াৰ বাবে স্থানীয় লোকসকলে সেই স্থানত বাঁহেৰে এখন দলং সাঁজি উলিয়াইছিল । এই বাঁহৰ দলংখনৰ পৰা পৰিয়েই মহিলাগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ‌লোকসকলে।আহাৰ মাহৰ প্ৰথমটো বলিয়া ‌বানে তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ ‌কেইবাটাও ‌পকী দলং খহাই নিয়াৰ লগতে বৰডুবি চাহ বাগিচাৰ ‌মাজত থকা তিনিদলং ও খহাই নিছিল। জিলাখনৰ বিভিন্ন অঞ্চল পানীয়ে প্লাৱিত ‌লগতে দলং ভাঙি যোৱাৰ ‌খবৰ পাই ক্ষতিগ্ৰস্তৰ বুজ লবলৈ আহিছিল সাংসদ প্ৰদান বৰুৱা ।সাংসদ‌‌ গৰাকীয়ে ক্ষতিগ্ৰস্ত লোকসকলৰ বুজ লোৱাৰ উদেশ্যৰে বাহৰ দলং পাৰ হোৱাৰ ‌সময়ত‌ দলং ভাঙি পৰাত‌ যোৱা ৭ জুলাই তাৰিখে কথমপি ৰক্ষা পৰিছিল ‌লক্ষিমপুৰ লোকসভাৰ সমষ্টিৰ ‌সাংসদ‌‌ প্ৰদান বৰুৱাসহ স্থানীয় দলিয়‌ কৰ্মী।অন্যহাতে, খহি যোৱা পকী দলংখন পুণৰ নিৰ্মাণৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থাই বহুবাৰ আবেদন-নিবেদন কৰি আহিছে যদিও এইক্ষেত্ৰত চৰকাৰ তথা প্ৰসাশনে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *