Wednesday , September 23 2020
শেহতীয়া খবৰ

বৰপথাৰত অগ্নিকাণ্ড : জুইৰ লেলিন শতিকাত জাঁহ গ’ল ৫০ লক্ষ্যাধিক টকাৰ পৰা সা-সম্পত্তি

গণ বাৰ্তা,সৰুপথাৰ/ গণ বার্তা বৰপথাৰ, ৮ ছেপ্তেম্বৰ:- গোলাঘাটৰ বৰপথাৰ নগৰত আজি পুৱতি নিশা এক ভয়াৱহ অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হয়। নগৰখনৰ মাজমজিয়াত অৱস্হিত দত্ত বুকষ্টল, বৰা চাৰ্ভিচকে ধৰি তিনিখন ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে জুইত ভস্মীভূত হয় । প্ৰাপ্ত তথ্য অনুসৰি পুৱতি নিশা প্ৰায় তিনি বজাত কাষৰ বৰা চাৰ্ভিচ নামৰ টেন্ট হাউচৰ পৰা জুইৰ সুত্ৰপাত হৈ কম্পিউটাৰ দোকান আৰু বুক ষ্টলখনত অগ্নিৰ লেলিন শিখাই তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চানিধৰে । আনহাতে স্থানীয়লোকে শ্বটচাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে । জুইত ভস্মীভূত হোৱা দত্ত বুকষ্টলৰ স্বত্তাধিকাৰী আছিল বৰপথাৰ প্ৰেছ ক্লাৱৰ সম্পাদক তথা বৰপথাৰ চেম্বাৰ্চ অৱ কমাৰ্চৰ সাধাৰণ সম্পাদক, অসমীয়া প্ৰতিদিন কাকতৰ জেষ্ঠ সাংবাদিক বিবেকানন্দ দত্ত । এখন কম্পিউটাৰৰ দোকানৰ, এটা টেন্ট হাউছৰ গুদাম ভস্মীভূত হোৱাৰ লগতে AS03 AA6300 নম্বৰৰ এখন ALTURAS G4 বিলাসী গাড়ীও ক্ষতিগ্ৰস্থ হয় । তাৰোপৰি কম্পিউটাৰৰ দোকানখনৰ স্বত্তাধিকাৰী আছিল বিজেপি যুৱ মৰ্চাৰ বৰপথাৰ মণ্ডলৰ সভাপতি জ্যোতিৰঞ্জন বৰা আৰু টেন্ট হাউচ তথা কম্পেক্সটোৰ গৰাকী আছিল বিজেপি নেতা তথা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ অমিয় কুমাৰ বৰাৰ ভাতৃ সুভাষ বৰাৰ। জানিব পৰা মতে প্ৰায় ৫০ লাখ টকাৰ সা-সম্পতি সম্পূৰ্ণ ৰূপে জ্বলি ছাঁই হৈ যায় । অৱশেষত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে স্হানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত জুই নিৰ্বাপনৰ কৰিবলৈ সক্ষম হয় । স্থানীয় ৰাইজৰ তৎপৰতাত ভংয়কৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল বৰপথাৰ নগৰৰ । ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ব্যৱসায়ীক প্ৰতিষ্ঠানকেইখনৰ স্বত্বাধিকাৰীয়ে উচিত তদন্তৰ দাবীৰে স্থানীয় বৰপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *