বৰপেটাৰোড বাওঁপন্থী নেতা নকুল দাসৰ মৃত্যু

বুলবুল হুছেইন,গৰেমাৰী,৩০ এপ্ৰিল : কমৰেড নকুল দাসৰ ২৯ এপ্ৰিলত ৰাতি ২:৩০ বজাত মৃত্যু হয়। আশী দশকৰ পৰাই তেওঁ বৰপেটাৰোডত ভাৰতৰ কমিউনিষ্ট পাৰ্টি ( মাৰ্ক্সবাদী)ৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ পাৰ্টিৰ কাম কৰি গৈছিল আৰু বৰপেটাৰোড অঞ্চলত পাৰ্টিৰ পৰিসৰ বৃদ্ধিত সহায় কৰিছিল । পৰবৰ্ত্তী সময়ত তেওঁ চি পি আই এমৰ বৰপেটাৰোড আঞ্চলিক কমিটিৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল, তেওঁ বৰপেটাৰোড পৌৰসভা বজাৰ ব্যৱসায়ী সন্থাৰ উপ-সভাপতি আছিল, লগতে তেওঁ বহু সামাজিক কামত জড়িত হৈ আছিল ৷ কেইবছৰমানৰ পৰা তেওঁ পুত্ৰ সু- চিকিৎসক  ডাঃ কুন্তল দাসৰ লগত লক্ষ্ণৌত আছিল । মৃত্যুৰ সময়ত দাসে স্ত্ৰী, পুত্ৰ -বোৱাৰী, জীয়েক- জোঁৱাই, নাতি নাতিনী, ভাতৃ-বোৱাৰী , কেইবাজন ভতীজা ভাতিজী, আত্মীয় স্বজন এৰি থৈ যায় । কমৰেড গৰাকীক ভাৰতৰ ম্যাক্সবাদী কমিউনিষ্ট পার্টি বৰপেটাৰোড আঞ্চলিক কমিটিৰ DYFI, SFI, AIKS তৰফৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি  লাল চালাম  জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *