Home স্থানীয় বৰপেটাৰ বজাৰত উপায়ুক্তৰ পৰিদৰ্শন, কোভিড নিয়ম পালন আৰু মূল্য নিয়ন্ত্ৰণৰ বাবে যোগান...

বৰপেটাৰ বজাৰত উপায়ুক্তৰ পৰিদৰ্শন, কোভিড নিয়ম পালন আৰু মূল্য নিয়ন্ত্ৰণৰ বাবে যোগান বিষয়াক নিৰ্দেশ

23
0

গণ বাৰ্তা উত্তৰ বৰপেটা, ১০ মে’ : ৰাজ্যৰ অৰ্ধ লক ডাউন সদৃশ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসাধু ব্যৱসায়ী সকলে যাতে বয়-বস্তৰ দাম বৃদ্ধি কৰি অতিৰিক্ত মুনাফা আদায় কৰিব নোৱাৰে তাৰ বাবে বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে যোগান বিভাগৰ বিষয়া সকলক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে। আজি সন্ধিয়া বৰপেটা আৱৰ্ত ভৱনত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া সকলৰ সৈতে এই বিষয়ে এখন পৰ্যালোচনা বৈঠকত মিলিত হৈ তেওঁ জিলাখনত সকলো অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যোগান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মূল্যমানৰ সম্পৰ্কেও আলোচনা কৰে। তেওঁ সামগ্ৰী সমূহৰ উৎপত্তি স্থলৰ দৰ আৰু বৰপেটা খুচুৰা বজাৰৰ মাজৰ পাৰ্থক্য সম্পৰ্কত অহৰহ দৃষ্টি ৰাখিবলৈ যোগান বিষয়া সকলক নিৰ্দেশ দিয়ে। তদুপৰি দোকানী, ব্যৱসায়ী সকলে কোভিদ নীতি-নিয়ম সমূহ আখৰে আখৰে পালন কৰাটোও নিশ্চিত কৰিবলৈ উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, বৰপেটা জিলাৰ ক্ৰম বৰ্দ্ধিত কোভিড পৰিস্থিতিক লৈ উদ্বীগ্ন হৈ পৰা ভাৰপ্ৰাপ্ত উপায়ুক্ত তেজ প্ৰসাদ ভূষালে কালি আকস্মিকভাৱে নিজেই জিলাখনৰ সোণকুছী, যতিগাওঁ, দঙৰকুছী, বৰপেটা আদি বিভিন্ন প্ৰান্তৰ বজাৰ-সমাৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দোকানী-ব্যৱসায়ী সকলক কোভিড নিযমৰ কাৰ্যকৰিতা আৰু খাদ্য সামগ্ৰীৰ মূল্যমানৰ ওপৰত চৰজমিন পৰ্যবেক্ষণ চলায়। একাংশ দোকান-বজাৰত কোভিড নীতি অনুসৰি ব্যৱসায়ীয়ে ছেনিটাইজাৰ ব্যৱহাৰ নকৰা আৰু সামাজিক দূৰত্ব বৰ্তাই নৰখা বিষয়টো তেওঁৰ দৃষ্টি গোচৰ হোৱাত তেনে ব্যৱসায়ীক তাৎক্ষণিকভাৱে ছেনিটাইজাৰ ৰাখিবলৈ বাধ্য কৰাৰ লগতে ভৱিষ্যতে তেনে নকৰিবলৈ কঠোৰভাৱে সকীয়াই দিয়ে। অন্যথা দোকানৰ অনুজ্ঞাপত্ৰ নাকচ কৰাৰ উপৰি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনতো শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি স্পষ্ট কৰি দিয়ে। উপায়ুক্ত গৰাকীৰ এই পৰিদৰ্শন কালত যোগান বিভাগৰ জেষ্ঠ বিষয়ায়ো তেওঁক সঙ্গ দিয়ে। উপায়ুক্ত গৰাকীৰ এই পদক্ষেপে দোকান-বজাৰ সমূহত ব্যাপক প্ৰভাৱ পেলোৱা দৃষ্টি গোচৰ হৈছে। উপায়ুক্ত গৰাকীয়ে এইদৰে নিয়মীত জিলা খনৰ প্ৰতিটো অঞ্চল ভ্ৰমণ কৰিব বুলি জনসংযোগ বিষয়াই জনাইছে। ইফালে পৰিবহন বিভাগৰ তৰফৰ পৰাও নিয়মীয়াকৈ বাণিজ্যিক তথা ব্যক্তিগত যান-বাহনত তালাচী অভিযান চলাই কোভিড নীতি-নিয়মৰ যথা-যথ কাৰ্য-ৰূপায়ণ নিশ্চিত কৰিব বিচৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে আজি বৰপেটা জিলাত সৰ্বাধিক ১৯৫ জন লোক কোভিড পজিটিভ বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে নিত্যানন্দ স্বাস্থ্য খণ্ডৰ অঞ্চলত সৰ্বাধিক ৫২ জন আৰু চেঙা অঞ্চলত ৪২ জন বুলি জনসংযোগ বিষয়াই জানিবলৈ দিছে। আজি দিনটোত অবিভক্ত বৰপেটা জিলাত ২৫৬৮ জনৰ ৰেপিড এন্টিজেন টেষ্ট আৰু ১৮২ জনৰ এন টি পি চি আৰ টেষ্ট কৰোৱা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here