Sunday , September 20 2020
শেহতীয়া খবৰ

বৰবৰুৱা আৰক্ষীৰ মহানুভৱতাঃ আৰক্ষীৰ চাকৰি প্ৰত্যাশী বৰপথাৰৰ যুৱক-যুৱতী সকলক উৎসাহিত কৰি শাৰীৰিক উৎকৰ্ষ সাধনৰ পাঠদান কৰিলে ভাৰপ্ৰাপ্ত বিষয়াই

গণ বাৰ্তা, ডিব্ৰুগড়, ২৭ আগষ্টঃ  অসম আৰক্ষী বিভাগৰ বিভিন্ন পদত ওলোৱা চাকৰী সমূহ লাভৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত এতিয়া চাকৰি প্ৰত্যাশী যুৱক যুৱতী সকলে শাৰীৰিক অনুশীলন কৰাৰ দৃশ্য তেনেই সুলভ। ব্যতিক্ৰমী নহয় ডিব্ৰুগড় জিলাৰ বৃহৎ বৰপথাৰ অঞ্চলো৷ ইয়াতো প্ৰায় শতাধিক চাকৰী প্ৰত্যাশীয়ে দৈনিক অনুশীলন চলাই আহিছে দিনে নিশাই। তেনে সময়তে সম্ভাৱনাময় যুৱক-যুৱতী সকলক উৎসাহিত কৰিবলৈ তাই আহোম ছাত্ৰ সন্থা বৰপথাৰ আঞ্চলিকৰ অনুৰোধ মৰ্মে বৰবৰুৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ জ্যোতি চুতীয়াই বৰপথাৰ স্কুলৰ খেলপথাৰত অনুশীলন কৰি থকা শতাধিক যুৱক-যুৱতীক শাৰিৰীক অনুশীলনৰ লগতে লিখিত বাচনি পৰীক্ষাৰ বিষয়ে বিভিন্ন ধৰণৰ সহায় মূলক বক্তব্য আগবঢ়াই৷ তেখেতৰ এই মহানুভৱতাত সমূহ চাকৰি প্ৰত্যাশী যুৱক-যুৱতী উৎসাহি হৈ পৰিছে আৰু স্থানীয় ৰাইজৰ তেখেতৰ লগতে বৰপথাৰ আঞ্চলিক আটাছুৰ কৰ্মৰাজীৰ শলাগ লৈছে। আনহাতে আৰক্ষী বিষয়াজনে ভৱিষ্যত দিনটো যুৱক-যুৱতী সকলৰ সৈতে থিয় দিয়াৰ কথা উল্লেখ কৰে আৰু প্ৰয়োজনত সুবিধা অনুসৰি তেখেতে শাৰীৰিক শিক্ষাৰ তত্বৱধান লোৱাৰ কথা উল্লেখ কৰে৷ আনহাতে বৰপথাৰৰ ছাত্ৰ নেতা অমৃত ৰণী গগৈয়ে তেখেতক গামোচা পিন্ধাই সম্বৰ্ধনা জনাই চাকৰি প্ৰত্যাশী যুৱক-যুৱতী সকলৰ মাজলৈ স্বাগত জনাই আৰু শাৰীৰিক অনুশীলন কৰা প্ৰত্যেকজন যুৱক-যুৱতীক আৰক্ষী বিভাগৰ বাচনি পৰীক্ষাৰ বাবে শুভকামনা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *