Friday , September 25 2020
শেহতীয়া খবৰ

বৰবৰুৱা উন্নয়ন খণ্ডৰ কোটোহাৰ নতুন বলাইত বুঢ়ীদিহিঙ নদীৰ ভয়াবহ গৰাখহনীয়াঃ শংকিত স্থানীয় ৰাইজ

গণ বাৰ্তা, ডিব্ৰুগড়, ২৬ আগষ্টঃ ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অধীনৰ ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত লৰুৱা মৌজাস্থিত কোটোহা গাঁও পঞ্চায়তৰ অন্যতম নতুন বলাইত বুঢ়ীদিহিঙ নদীৰ গৰাহনীয়াই বুঢ়ীদিহিঙৰ মথাউৰিটোৰ ভয়াবহ ভাবুকি স্বৰূপ কৰি তুলিছে। বুঢ়ীদিহিঙ নদীৰ ভয়াবহ গৰাখহনীয়াৰ কাৰণে নতুন বলাইত বুঢ়ীদিহিঙৰ মথাউৰি বহু অংশ খহি যোৱাৰ ফলত বৰ্তমান সমগ্ৰ নতুন বলাই, পুৰণি বলাই, নাওজান, গেলেকী আৰু জকাই নপাম থানগাঁৱকে প্ৰায় ৭/৮ খন গাঁৱৰ প্ৰতি ভাবুকি কঢ়িয়াই বিপদাপন্ন কৰিছে আৰু লৰুৱা মৌজাৰ বলাইৰ জনজীৱনৰ প্ৰতি ভাবুকি প্ৰকট কৰি তুলিছে। যোৱা এটা বছৰ ভয়াবহ ভাৱে বুঢ়ীদিহিঙৰ গৰাখহনীয়াই নতুন বলাই মথাউৰি খহাই নিয়াৰ পিছতো ডিব্ৰুগড় জিলাৰ জলসম্পদ বিভাগে চকুমুদা কুলিৰ ভাও জোৰা বুলি বলাইবাসীৰ অভিযোগ।নতুন বলাই, পুৰণি বলাই বাসীয়ে মৰাণ সমষ্টিৰ বিধায়ক তথা ডিব্ৰুগড় জিলা প্ৰশাসনে এই ক্ষেত্ৰত গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰিছে। মৰাণ সমষ্টিৰ ভিতৰত অন্যতম ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ লৰুৱা মৌজাৰ কোটোহা গাঁও পঞ্চায়তৰ নতুন বলাই বুঢ়ীদিহিঙ মথাউৰিৰ গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰ শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলে বুঢ়ীদিহিঙে বৃহত্তৰ অঞ্চলটো গ্ৰাস কৰা সম্ভাবনাই স্থানীয় বৃহত্তৰ বলাইবাসী আতংকিত কৰি তুলিছে। স্থানীয় ৰাইজে অনতি পলমে নতুন বলাইৰ বুঢ়ীদিহিং মথাউৰিৰ কাষেদি হোৱা ভয়াবহ বুঢ়ীদিহিঙৰ গৰাখহনীয়া প্ৰতিৰোধৰ আচঁনি গ্ৰহণৰ বাবে ডিব্ৰুগড় জলসম্পদ বিভাগক দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *