শেহতীয়া খবৰ

বৰ্তমান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি গোলাঘাটত ১৪৪ ধাৰা বলবৎ

দৈনিক গণ অধিকাৰ, গোলাঘাটঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ভিড ১৯ তথা এই ৰোগৰ কাৰক কৰ’ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ আৰু সংক্ৰমণ প্ৰতিৰোধ কৰি জনতাৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ গোলাঘাটৰ জিলা দণ্ডাধীশ বিভাস চন্দ্ৰ মোদীয়ে সমগ্ৰ জিলাতে প্ৰযোজ্য হোৱাকৈ কেতবোৰ বাধা নিষেধ আৰোপ কৰি নিৰ্দেশনা জাৰি কৰিছে।

“অসম ক’ভিড ১৯ সংক্ৰমণ প্ৰতিৰোধ নিয়মাৱলী ২০২০” ৰ নিয়ম ৩৪ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৪৪ অনুসৰি আৰোপ কৰা  এই বাধা নিষেধ তাৎক্ষণিক ভাৱে বলৱৎ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে গোলাঘাট জিলা প্ৰশাসনে। সেই অনুসৰি জিলাখনত পাণ মছলা, জৰ্দা, গুটখা বিক্ৰী কৰা আৰু  পাণ গুটখা খাই য’তে ত’তে পিক পেলোৱা কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে ।

জনসমাগমৰ এলেকা, ৰাজহুৱা স্থানত, বাটপথত থু-খেকাৰ, পিক পেলোৱাটো নিষিদ্ধ কৰা হৈছে আৰু জনসমাগম এলেকাত বাট পথত ঘূৰি ফুৰাৰ সময়ত প্ৰতিজন ব্যক্তিয়ে মাক্স ব্যৱহাৰ কৰিব লাগিব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । দুচকীয়া বাহনত দুজন উঠাতো বাধা নিষেধ আৰোপ কৰা হৈছে। এই নিষেধ সমূহৰ বিষয়ত সকলো ব্যৱসায় প্ৰতিষ্ঠান, বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানসমূহ, চৰকাৰী-বেচৰকাৰী চিকিৎসালয়, পৌৰসভা, নগৰসমিতিয়ে সজাগতা সৃষ্টিৰ বাবে বেনাৰ পষ্টাৰ আৰি থব লাগিব।

সকলো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানসমূহ, বেংক, চিকিৎসালয়, নাৰ্চিং হোম, দোকান-পোহাৰ আদিত হাত ধোৱাৰ বাবে পানী, চাবোন অথবা চেনিটাইজাৰৰ ব্যৱস্থা থাকিব লাগিব আৰু দুজন ব্যক্তিৰ মাজৰ ব্যৱধান নূন্যতম একমিটাৰ কৰি সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা ক’ভিড ১৯ ৰ নিয়মাৱলী সকলোৱে মানি চলাটো বাধ্যতামূলক আৰু জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অমান্য কৰা ব্যক্তিৰ বিৰুদ্ধে যথাবিধি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে গোলাঘাট জিলা উপায়ুক্ত বিভাষচন্দ্ৰ মোডীয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *