Sunday , September 20 2020
শেহতীয়া খবৰ

ভকতিদুৱাৰ অৰুণোদয় যুৱ সংঘৰ কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন 

গণ বাৰ্তা , উজনি মাজুলী, ১৫ জুলাই  :  দ্বীপ জিলা মাজুলীৰ ভকতি দুৱাৰ অৰুণোদয় যুৱ স‌ংঘৰ উদ্যোগত গাঁৱৰ নামঘৰত সামাজিক দুৰত্ব অটুত ৰাখি আজি  কৃতিমান ছাত্র ছাত্ৰী সকলক  অভিনন্দন জ্ঞাপন কৰে । অৰুণোদয় যুৱ সংঘৰ  সম্পাদক বিশ্বজিৎ খাউণ্ডে আঁত ধৰা আৰু ভকতি দুৱাৰ গাওঁ উন্নয়ন সমিতিৰ সভাপতি দিগন্ত শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত অনুস্তুপিয়া সভাখনত মুখ্য অতিথি ৰূপে ভকতি দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা এলেঙি টকোবাৰী সত্ৰৰ সত্ৰাধিকাৰ ঋষভ মহন্ত, বিশিষ্ট অতিথিৰূপে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভোগেশ্বৰ বৰা শাস্ত্ৰী উপস্থিত থাকে । অনুষ্ঠানৰ আৰম্ভনিতে ছাত্ৰী ৰিয়াপ্ৰিয়া বৰুৱাই এটি মহাপুৰুষ শংকৰদেৱ বিৰচিত এটি বৰগীত পৰিবেশন কৰে । ভোগেশ্বৰ বৰা শাস্ত্ৰীয়ে কৃতিমান সকলক উদ্দেশ্য কৰি উৎসাহ মুলক ভাষন আগবঢ়াই । মুখ্য অতিথি ঋষভ মহন্তই ছাত্ৰ ছাত্ৰী সকলক জীৱনৰ বাটত কেনেকৈ আগবাঢ়ি যাব লাগে সেয়া সুন্দৰকৈ আলোকপাট কৰে । আজিৰ অনুষ্ঠানত জেষ্ঠব্যক্তি নবীন বৰুৱা, নগেন খাউণ্ড, লক্ষীৰাম খাউণ্ড আদি উপস্থিত থাকে । অনুষ্ঠানটো সুকলমে অনুষ্ঠিত হোৱাত সহায় অৰুণোদয় যুৱ সংঘৰ সভাপতি সত্যেন দত্ত ই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে । উল্লেখযোগ্য যে উপস্থিত ব্যক্তি সকলক যুৱ সংঘৰ কৰ্মী সকলে চেনিটাইজাৰে হাত পৰিষ্কাৰ কৰি এক মিটাৰ দূৰত্বত আসন আগবঢ়াই দিয়াৰ উপৰিও সকলোৱে মাক্স পৰিধান কৰাটো আছিল বাধ্যতামূলক ।

Leave a Reply

Your email address will not be published. Required fields are marked *