Friday , September 25 2020
শেহতীয়া খবৰ

ভাৰতত কেৰোনা ভাইৰাছত মৃতকৰ সংখ্যা ৫৮ জনলৈ বৃদ্ধি, আক্ৰান্তৰ সংখ্যা ২০৩২ জন

দৈনিক গণঅধিকাৰঃ বিশ্বত কোৰোনা ভাইৰাছে ভয়াৱহতাৰ ৰূপ ধাৰণ কৰি উঠিছে। ভাৰতো ক্ৰমান্বয়ে কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। লগতে এই মাৰাত্মক ভাইৰাছত মৃত্যু ঘটা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে।

দেশবাসীক লকডাউনৰ ভিতৰত আছে যদিও কোৰোনা ভাইৰাছত আক্ৰান্তৰ লগতে মৃতকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। যাৰ বাবে দেশবাসীৰ মাজত এক ভয়াৱহতাৰ সৃষ্টি কৰিছে মাৰাত্মক কোৰোনা ভাইৰাছে। উল্লেখ্য যে দেশত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২০৩২ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা ৫৮ জনলৈ বৃদ্ধি পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *