Sunday , September 20 2020
শেহতীয়া খবৰ

ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২০ সহস্ৰাধিকলৈ বৃদ্ধি

নতুন দিল্লীঃ ভাৰতত ২০ সহস্ৰাধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। কোভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২১,১২৫জনলৈ বৃদ্ধি পাইছে। ইফালে, এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৬৭২জনৰ।উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত কোৰোনাত  নতুনকৈ  আক্ৰান্ত হৈছে ১৪৮৬জন আৰু ৪৯জন লোকৰ মৃত্যু হৈছে৷  এই ভাইৰাছত আক্ৰান্ত হোৱা ৪১৯৩জন লোক আৰোগ্য হৈ উঠিছে।

উল্লেখ্য যে, দেশৰ ভিতৰত মহাৰাষ্ট্ৰত এই ভাইৰাছত আক্ৰান্ত হৈছে সৰ্বাধিক লোক। ৫,৬৪৯জন লোকৰ দেহত বৰ্তমানলৈ কোৰোনা ভাইৰাছৰ উপস্থিতি দৰা পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *