Friday , September 25 2020
শেহতীয়া খবৰ

ভাৰতত কোৰোনা আক্ৰান্তৰ সংখ্যা ৪০ হাজাৰ অতিক্ৰম

২৪ ঘণ্টাত দেশত ৮৩ জন লোকৰ মৃত্যু

নতুন দিল্লীঃ লক-ডাউনৰ মাজতো ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা আক্ৰান্ত লোকৰ সংখ্যা। ভাৰতত কোৰোনা আক্ৰান্ত লোকৰ সংখ্যা ৪০,২৬৩ জন হৈছেগৈ। যোৱা ২৪ ঘণ্টাত ভাৰতত ৮৩ জন লোকৰ মৃত্যু ঘটিছে ভাৰতত। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দেশত ৩৭,০০০ সক্ৰিয় কোৰোনা ৰোগী আছে। ১০ হাজাৰ কোৰোনা ৰোগী সুস্থ হৈ উঠিছে আৰু এতিয়ালৈ ১২০০তকৈ অধিক লোকৰ প্ৰাণহানি হৈছে।

উল্লেখ্য যে দেশত প্ৰথমটো কোৰোনা ৰোগী ধৰা পৰিছিল ৩০ জানুৱাৰীত। তাৰ পিছৰ পৰাই ক্ৰমান্বয়ে এজন-দুজনকৈ দেশত কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। কিন্তু এপ্ৰিলৰ মাজ ভাগৰ পৰা দেশত প্ৰতিদিনে আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। ফলস্বৰূপে বৰ্তমান ৪০ হাজাৰ অতিক্ৰম কৰিছে দেশত কোৰোনা আক্ৰান্ত ৰোগীৰ হৈ।

কোৰোনা ভাইৰাছৰ প্ৰকোপত যুদ্ধাৰ দৰে কামত নামি পৰা স্বাস্থ্যকৰ্মী সকলৰ দেশজুৰি পুষ্প বৰ্ষণ কৰে। অসমৰ হাস্পতাল সমূহতো চিকিৎসা কৰ্মীসকলৰ ওপৰত পুষ্পবৰ্ষণ কৰা হয়। উল্লেখ্য যে শেহতীয়াকে সংবাদ মেল সম্বোধন কৰি চীফ অৱ ডিফেন্স ষ্টাফৰ প্ৰমুখ বিপিন ৰাওটে স্বাস্থ্যকৰ্মী সকলৰ ওপৰত পুষ্প বৰ্ষণ কৰিবলৈ আহবান জনাইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *