Monday , August 10 2020
শেহতীয়া খবৰ

ভাৰতত কোৰোনা আক্ৰান্তৰ সংখ্যা ১,১৮,৪৪৭

দৈনিক গণঅধিকাৰঃ ভাৰতত কোৰোনা আক্ৰান্তৰ সংখ্যা ১,১৮,৪৪৭ জন হৈছেগৈ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি যোৱা ২৪ঘণ্টাত ৬হাজাৰতকৈ অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১৪৮জন লোক কোভিড-১৯ত প্ৰাণহানি হৈছে। স্বাস্থ্যমন্ত্ৰালয়ৰ অনুসৰি দেশত সক্ৰিয় কোৰোনা ৰোগীৰ সংখ্যা হৈছে ৬৬,৩৩০ জন আৰু মৃতকৰ সংখ্যা ৩,৫৮৩ জনলৈ বৃদ্ধি পাইছে।

ভাৰতত এতিয়ালৈ ৪৮ হাজাৰতকৈ অধিক লোক কোৰোনাত আক্ৰান্তৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে। ভাৰতত মহাৰাষ্ট্ৰত অধিক লোক কোৰোনাত আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত ৪১হাজাৰতকৈ অধিক লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে তামিলনাডুত ১৩৯৬৭, গুজৰাটত ১২৯০৫, দিল্লীত ১১,৯৫৯, ৰাজস্থানত ৬২২৭, মধ্যপ্ৰদেশত ৫৯৮১ আৰু উত্তৰপ্ৰদেশত ৫৫১৫ জন লোক এই মহামাৰীত আক্ৰান্ত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *