Monday , September 21 2020
শেহতীয়া খবৰ

ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২৯ হাজাৰ অতিক্ৰম

দৈনিক গণঅধিকাৰ,নতুন দিল্লীঃ ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২৯,৪৩৫ জনলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ভাৰতত ১৫৪৩ জন লোক কোৰোনাত আক্ৰান্ত হৈছে। স্বাস্থ্যমন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দেশত কোৰোনা আক্ৰান্তৰ পৰা সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা ৬৮৬৮ জনলৈ বৃদ্ধি পাইছে। মুঠ আক্ৰান্তৰ পৰা ২৩.৩ শতাংশ ৰোগী সুস্থ হৈ উঠিছে বুলি আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

যোৱা ২৪ ঘণ্টাৰ ভিতৰত ৬৮৪জন ৰোগী সুস্থ হৈ চিকিৎসালয়ৰ পৰা নিজ ঘৰলৈ উভতি গৈছে বুলিয়ো প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰালয়ে। ভাৰতত বৰ্তমান কোৰোনাত মৃত্যু ঘটা লোকৰ সংখ্যা ৯৩৪ জনলৈ বৃদ্ধি পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *