Thursday , August 13 2020
শেহতীয়া খবৰ

ভাৰতত দৈনিক অভিলেখ সংখ্যত বৃদ্ধি পাইছে কোৰোনা আক্ৰান্তৰ লোক

গুৱাহাটী: যোৱা ২৪ঘণ্টাত ভাৰতত সৰ্বাধিক ১৯,১৪৮জন লোক কোৰোনা ভাইৰাছত আক্রান্ত হয় আৰু ৪৩৪ জনৰ প্রাণহানি হয়।দেশত কোৰোত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭,৮৩৪জনলৈ বৃদ্ধি পাইছে। আনহাতে ভাৰতত এতিয়া মুঠ কোৰোনা আক্রান্তৰ সংখ্যা ৬,০৪,৬৪১জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ৩.৫ লাখ লোক কোৰোনাৰ পৰা সুস্থ হৈ উঠিছে। যোৱা ২৪ ঘণ্টাত ১১,৮১১জন সুস্থ হৈছে।ভাৰতত সুস্থ হাৰ ৫৯.৫২শতাংশ। ভাৰতত এতিয়ালৈ মুঠ কোৰোনা নমুনা টেষ্ট কৰা হৈছে ৯০,৫৬,১৭৩টা। যোৱা ২৪ ঘণ্টাত সৰ্বাধিক ২,২৯,৫৮৮টা কোৰোনা নমুনা টেষ্ট কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *