Monday , August 10 2020
শেহতীয়া খবৰ

ভাৰতত ২৪ ঘণ্টাত ১৪ ৰোগীৰ মৃত্যু এতিয়ালৈ কোৰোনাত আক্ৰান্ত ২,৫৬৭ জন

২৪ ঘণ্টাত চিনাক্ত ২৪ জন নতুন ৰোগী

দৈনিক গণঅধিকাৰঃ মাৰাত্মক কোৰোনা ভাইৰাছে ভাৰতত ভয়াৱহ ৰূপ ধাৰণ কৰি উঠিছে। দেশত ক্ৰমান্বয়ে কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। লগতে এই মাৰাত্মক ভাইৰাছত মৃত্যু ঘটা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। ভাৰতত কোৰোনা ভাইৰাছে এতিয়ালৈ দ্বিতীয় পৰ্যায় তথা দ্বিতীয় স্তৰত আছে যদিও দেশবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

দেশবাসীক লকডাউনৰ ভিতৰত আছে যদিও কোৰোনা ভাইৰাছত আক্ৰান্তৰ  লগতে মৃতকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। যাৰ বাবে দেশবাসীৰ মাজত এক ভয়াৱহতাৰ সৃষ্টি কৰিছে মাৰাত্মক কোৰোনা ভাইৰাছে। উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ২৪জন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হয় যদিও দেশবাসীলৈ সু খবৰ যে বিগত ২৪ ঘণ্টাত ১৪ জন লোকৰ মৃত্যু ঘটে। উল্লেখ্য যে ভাৰতক কোৰোনা আক্ৰান্তৰ সংখ্যা ২,৫৬৭ লৈ বৃদ্ধি পাইছে আৰু এতিয়ালৈ ৭২জন লোকৰ মৃত্যু ঘটিছে। অৱশ্যে এতিয়ালৈকে ভাৰতত ১৯২ লোকে কোৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে।

যি দেশবাসীৰ বাবে এক ইতিবাচক বিষয় হিচাপে পৰিগণিত হৈছে। অন্যান্য দেশৰ তুলনাত ভাৰতবৰ্ষৰ মৃত্যুৰ হাৰ ০.০৫ শতাংশ অৰ্থাৎ কোৰোনাক লৈ দেশবাসী অধিক আতংকিত হোৱাৰ প্ৰয়োজন নাই। কিয়নো ভাৰতত কোৰোনাত আক্ৰান্ত হোৱা ২,৫৬৭ গৰাকী লোকৰ ভিতৰত সম্প্ৰতি ২৩০৩ গৰাকীয়ে চিকিৎসাধীন হৈ আছে আৰু ইয়াৰ ভিতৰত ১৯২ গৰাকী লোকে সম্পূৰ্ণ সুস্থ হৈ উঠিছে।

উল্লেখ্য যে মৃত্যুদূত ৰূপ কোৰোনা ভাইৰাছ ভাৰতত প্ৰৱেশ কৰাৰ পিছতে সৰ্বত্ৰে আতংকৰ সৃষ্টি হৈছিল আৰু কোৰোনাক ৰধিবলৈ সমগ্ৰ দেশতে ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছিল। ইপিনে নিজামুদ্দিনৰ তবলিক জামাতত অংশগ্ৰহণ কৰা লোকৰ পৰাই সমগ্ৰ দেশতেই কোৰোনা ভাইৰাছ বিয়পি পৰাৰ তথ্য লাভ কৰাৰ পিছতে স্বাস্থ্য বিভাগ সতৰ্ক হৈ তবলিক জামাতত অংশগ্ৰহণ কৰা লোকসকলক চিনাক্ত কৰা আৰু কোৱাৰেণ্টানত কৰাৰ বাবে যুদ্ধগতিত তৎপৰতা গ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *