Thursday , August 13 2020
শেহতীয়া খবৰ

ভাৰতীয় নৌসেনাৰ ২৬ জন কৰ্মচাৰী কোৰোনাত আক্ৰান্ত

দৈনিক গণঅধিকাৰঃ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ভাৰতীয় নৌ সেনাৰ ২৬ জন কৰ্মচাৰী। এই ২৬জন কৰ্মচাৰী কাৰ সংস্পৰ্শলৈ আহিছিল তাক লৈ ব্যাপক অভিযান আৰম্ভ হোৱাৰ কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। সমগ্ৰ বিশ্বৰ নৌসেনা কৰ্মচাৰী কোৰোনা ভাইৰাছৰ সৈতে যুঁজ দিবলগীয়া হৈছে অৰ্থাৎ আক্ৰান্ত হৈছে।

ইয়াৰ পূৰ্বে ভাৰতৰ স্থলসেনাও কোৰোনাত আক্ৰান্ত হৈছিল। প্ৰথমবাৰ বহুসংখ্যক নৌসেনা কৰ্মচাৰী কোৰোনাত আক্ৰান্ত হৈ পৰাক লৈ দেশজুৰি এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *