Thursday , August 13 2020
শেহতীয়া খবৰ

ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া,পঞ্চায়ত সচিব অবিহনেই চলিছে নগাঁৱৰ গ্ৰামোন্নয়ন বিভাগ

৬ উন্নয়ন খণ্ড, ৫১পঞ্চায়তত নাই স্থায়ী খণ্ড উন্নয়ন বিষয়া-পঞ্চায়ত সচিব

 ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও,১জুলাইঃ  নগাঁও জিলাৰ বহু কেইটা উন্নয়ন খণ্ডৰ লগতে অৰ্ধ শতাধিক গাঁও পঞ্চায়ত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া আৰু ভাৰপ্ৰাপ্ত পঞ্চায়ত সচিৱৰে কাম কাজ পৰিচালনা হোৱাত গঞা ৰাইজে উচিত সেৱা লাভ কৰাৰ পৰা বঞ্চিত হৈছে। আনকি এই ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া আৰু ভাৰপ্ৰাপ্ত পঞ্চায়ত সচিৱ সকলে নিজা কাম কাজ পৰিচালনাতো ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীণস্থ নগাঁও জিলাৰ ১৩টা উন্নয়ন খণ্ডৰ ভিতৰৰ সাতটা উন্নয়ন খণ্ডতেই নাই পূৰ্ণ পৰ্যায়ৰ খণ্ড উন্নয়ন বিষয়া । যাৰ ফলত এই উন্নয়ন খণ্ড কেইটা পূৰ্ণ পৰ্যায়ৰ খণ্ড উন্নয়ন বিষয়াৰ সলনি ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়াৰ দ্বাৰাহে যাৱতীয় সকলো কাম কাজ পৰিচালিত হৈ থকাত প্ৰশাসনীয় কামকাজত ব্যাপক ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ নগাঁও জিলাৰ উন্নয়ন খণ্ড কেইটা হ’ল-বাজিয়াগাঁও, বঢ়মপুৰ, বটদ্ৰৱা, দলংঘাট, জুৰীয়া, কলিয়াবৰ, কঠিয়াতলী, খাগৰিজান, লাওখোৱা, পশ্চিম কলিয়াবৰ, পাখিমৰীয়া, ৰহা আৰু ৰূপহী।এই উন্নয়ন খণ্ড কেইটাৰ ভিতৰৰ মাত্ৰ  ছয়টা উন্নয়ন খণ্ড ক্ৰমে বঢ়মপুৰ, বটদ্ৰৱা, দলংঘাট, কঠিয়াতলী, লাওখোৱা, পাখিমৰীয়া উন্নয়ন খণ্ডতহে পূৰ্ণ পৰ্যায়ৰ খণ্ড উন্নয়ন বিষয়াই কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ বিপৰীতে জিলা খনৰ জুৰীয়া উন্নয়ন খণ্ডত জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া আলটাৱ হুছেইনে, ৰূপহী উন্নয়ন খণ্ডত মীন সম্প্ৰসাৰণ বিষয়া হিৰণ্য চমুৱাই, বাজিয়াগাঁও উন্নয়ন খণ্ডত  সম্প্ৰসাৰণ বিষয়া অঞ্জলি ডেকাই, কলিয়াবৰ উন্নয়ন খণ্ডত সম্প্ৰসাৰণ বিষয়া দুলেন চন্দ্ৰ পাটৰে, খাগৰিজান উন্নয়ন খণ্ডত পাখিমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালি চক্ৰৱৰ্তীয়ে(অতিৰিক্ত দায়িত্ব), পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডত সহকাৰী অতিৰিক্ত আয়ুক্ত লীনা পাওৱে আৰু ৰহা উন্নয়ন খণ্ডত সম্প্ৰসাৰণ বিষয়া শিখা গগৈয়ে অস্থায়ী ৰূপত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। যিহেতু এই বিষয়া সকলে সংশ্লিষ্ট উন্নয়ন খণ্ড কেইটাত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া হিচাপে সম্পূৰ্ণ অস্থায়ী ভাৱে কাৰ্যনিৰ্বাহ কৰি আছে গতিকে তেওঁলোকৰ দায়বদ্ধতাও যথেষ্ট কম।তাৰোপৰি উন্নয়ন খণ্ডত এই ভাৰপ্ৰাপ্ত বিষয়া সকলে প্ৰশাসনিক ক্ষমতা প্ৰয়োগ কৰাটো ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। যাৰ ফলত উন্নয়ন খণ্ড কেইটাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণৰ কামো যথেষ্ঠ লেহেমীয়া হোৱা পৰিলক্ষিত হৈছে।এই ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া সকলৰ অধিকাংশৰেই প্ৰশাসনিক দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি কণিষ্ঠ অভিযন্তা, পঞ্চায়ত সচিৱ, জি আৰ এছ সকলে পঞ্চায়তৰ দুৰ্ণীতিগ্ৰস্ত প্ৰতিনিধিৰে মিলি চৰকাৰী আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্ণীতি-অনিয়ম সংঘটিত কৰাত ইয়াৰ দুৰ্ভোগ ভুগিব লগীয়া হৈছে সৰ্বসাধাৰণ গঞা ৰাইজে।বহু ক্ষেত্ৰত এই ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া সকলক দুৰ্ণীতিগ্ৰস্ত কণিষ্ঠ অভিযন্তা, পঞ্চায়ত সচিব, জি আৰ এছ সকলে ভুল পথৰে পৰিচালিত কৰাও পৰিলক্ষিত হৈছে। তাৰোপৰি, একাংশ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়াৰ কামকাজত মুঠেই সন্টুষ্ট নহয় গঞা ৰাইজ। ইপিনে, জিলা খনৰ পাখিমৰীয়া উন্নয়ন খণ্ডত কৰ্মৰত পূৰ্ণ পৰ্যায়ৰ খণ্ড উন্নয়ন বিষয়া শেৱালি চক্ৰৱৰ্তীক খাগৰিজান উন্নয়ন খণ্ডৰো খণ্ড উন্নয়ন বিষয়াৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰাত তেওঁ একেলগে দুটা উন্নয়ন খণ্ডৰ কামকাজ পৰিচালনাত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে। তেওঁ খাগৰিজান উন্নয়ন খণ্ডত সম্পূৰ্ণ সময় দিব নোৱাৰাত তেওঁৰ অনুপস্থিতিত কাৰ্যালয়ত এক অৰাজক অৱস্থাৰ সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ তুলিছে। তেওঁ পাখিমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ দায়িত্বত থকা অৱস্থাতে খাগৰিজান উন্নয়ন খণ্ডৰো দায়িত্ব অতিৰিক্ত ভাৱে প্ৰদান কৰা কাৰ্যক ৰাইজে তীব্ৰ সমালোচনা কৰিছে। বিষয়া গৰাকীক দুটাকৈ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিচাপে দায়িত্ব অৰ্পণ কৰা কাৰ্য্যক ৰাইজে তীব্ৰ সমালোচনা কৰিছে।  ইমানেই নহয়, জিলা খনৰ ১৭২টা গাঁও পঞ্চায়তৰ ভিতৰৰ ৫১ টা পঞ্চায়তেই স্থায়ী পঞ্চায়ত সচিব অবিহনে চলি থকা পৰিলক্ষিত হৈছে। ফলত এজন পঞ্চায়ত সচিবকেই দুই তিনিটাকৈ পঞ্চায়তৰ দায়িত্ব অৰ্পণ কৰাত সংশ্লিষ্ট গাঁও পঞ্চায়ত সমূহত চৰম বেমেজালিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *