শেহতীয়া খবৰ

ভুৱা হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব পি এম কিষাণৰ ধন, সংবাদ মেলত কঠোৰ কৃষিমন্ত্ৰী অতুল বৰা

কেলেংকাৰীত নিমজ্জিত কাকো ৰেহাই দিয়া নহ’ব,লকডাউনৰ সময়ত কৃষকৰ একাউণ্টত সোমাইছে ৪৭৫ কোটি

দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ পি এম কিষাণ যোজনাৰ ধন ভুৱা হিতাধিকাৰীয়ে লাভ কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতে ৰাজ্যত চলা কৃষি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে কৃষিমন্ত্ৰী অতুল বৰা। আজি জনতা ভৱনত এক সংবাদমেলত এই কথা স্পষ্ট কৰি দি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে আমি কেতিয়াও চকু মুদি নাথাকো। কেলেংকাৰীৰ লগত জড়িত কাকো ৰেহাই দিয়া নহ’ব। ইয়াত কোনো ৰাজনীতিৰ কথা নাই। পি এম কিষাণ যোজনা সন্দৰ্ভত উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে লোৱা হৈছে আৰু কৃষকৰ আয় দুগুণ কৰাই হৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মূল লক্ষ্য। সমগ্ৰ আঁচনিৰ বাবে এন আই চিয়ে দায়িত্ব গ্ৰহণ কৰি তদাৰকী কৰাৰ লগতে গাইডলাইন বনাই দিছিল। এটা পৰিয়ালৰ পতি-পত্নী আৰু শিশুৰ মুৰববীজনে আঁচনিৰ সুবিধা পাব। বাকী ভাই-ককাইকেইজন যদি কৃষক হয় তেন্তে তেওঁলোকেও আঁচনিৰ সুবিধা পাব।

উল্লেখ্য যে হিতাধিকাৰীৰ তালিকা প্ৰকাশ হোৱাৰ পিছতে ভুৱা হিতাধিকাৰীৰ নাম স্পষ্ট হৈ পৰিছিল। হিতাধিকাৰীৰ তালিকাত হিন্দু অধ্যুষিত গাঁৱত মুছলমানৰ নাম আৰু মুছলমান অধ্যুষিত গাঁৱত হিন্দুৰ নাম সোমোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী বৰাই কয় যে খেলিমেলি দূৰ কৰিবলৈ চেষ্টা কৰা হ’ব। আনহাতে তেওঁ কয় যে দিল্লীয়ে পাঁচ শতাংশ পৰিয়ালৰ পুনৰীক্ষণ কৰিবলৈ কৈছিল। কিন্তু ৰাজ্যৰ কৃষি বিভাগে এশ শতাংশই পুনৰীক্ষণ কৰাৰ ব্যৱস্থা কৰিছে। যদি প্ৰকৃত কৃষকে ধন পোৱা নাই আৰু ভুৱা হিতাধিকাৰীয়ে পাইছে তেন্তে পি এম কিষাণ যোজনাৰ ধন ঘূৰাই দিব লাগিব। পি এম কিষাণ যোজনাৰ সকলো হিতাধিকাৰীৰ তালিকা পুনৰ পৰীক্ষা কৰা হ’ব।

আনহাতে ৰাজ্যৰ কৃষকৰ সংখ্যা বৃদ্ধি ঘটিছে বুলি উল্লেখ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ কৃষকৰ একাউণ্টত ৪৭৫ কোটি টকা সোমাইছে। কৃষকৰ উৎপাদন বৃদ্ধি ঘটিছে। কৃষক এইবাৰ উপকৃত হৈছে। মধ্যভূগী নোহোৱা হৈছে বুলি তেওঁ উল্লেখ কৰি ৰাজ্যত কৃষকে উপযুক্ত মূল্যত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰে। আনহাতে ৰাজ্যৰ কৃষকে বহিঃৰাজ্যত শাক-পাচলি বিক্ৰী কৰি ৩২৪ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে পি এম কিষাণ যোজনাৰ ধন ভুৱা হিতাধিকাৰীয়ে লাভ কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ৰাজ্যখনৰ অধিকাংশ অঞ্চলতে পি এম কিষাণ যোজনাৰ তালিকাত ব্যাপক খেলিমেলি পৰিলক্ষিত হৈছিল। তেনেস্থলত আজি কৃষিমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতে কেলেংকাৰীৰ অন্তৰালত নিহিত শক্তি শীঘ্ৰেই পোহৰলৈ অহাৰ সম্ভাৱনা জাগি উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *