Friday , September 25 2020
শেহতীয়া খবৰ

ভূপেন হাজৰিকাৰ জন্মদিনৰ উপহাৰ বিচাৰি ৰাজ্য চৰকাৰলৈ আহ্বানঃ

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ০৭ ছেপ্টেম্বৰ :  আঠ ছেপ্টেম্বৰত গণশিল্পী ভূপেন হাজৰিকাৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰলৈ জন্মদিনৰ উপহাৰ বিচাৰি আবেদন জনাইছে,জীৱনৰ প্ৰাকক্ষণত শিল্পীগৰাকীৰ শিল্পীপ্ৰাণক জীপাল কৰি তোলা সাংস্কৃতিক অনুষ্ঠান ভাৰতীয় গণনাট্য সংঘৰ বৰ্তমানৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি শৰৎ চন্দ্ৰ নেওগে। উপহাৰটিৰ সম্পৰ্কত ব্যাখ্যা কৰি তেখেতে প্ৰকাশ কৰে যে,বিগত কংগ্ৰেছ চৰকাৰৰ দিনত গণশিল্পী ভূপেন হাজৰিকাৰ স্মৃতিৰক্ষাৰ্থে ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো উন্নয়ন খণ্ড এলেকাত “ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান” স্থাপনৰ আঁচনি হাতত লৈছিল। এই উদ্দেশ্যে প্ৰতিটো আঁচনিৰ বাবদ প্ৰথমে ধাৰ্য কৰা হৈছিল ২৫ লাখকৈ টকা যদিও পাছত ১০ লাখ টকা ধাৰ্য কৰা হয় । সেই মৰ্মে ২০১৪ চনৰ ৫ নবেম্বৰৰ শিল্পী গৰাকীৰ মৃত্যুৰ দিনটোতে ৰাাজ্যৰ সকলোতে আঁচনিখনৰ আধাৰশিলা স্থাপন কৰা হয় আৰু এবছৰৰ পাছত ২০১৫ চনৰ ৮ চেপ্তেম্বৰৰ শিল্পী গৰাকীৰ জন্ম দিনৰ দিনা উদ্বোধনো কৰা হয়। ৰাজ্যখনৰ কিছু কিছু ঠাইত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছিল যদিও বহু ঠাইত আধৰুৱা হৈয়ে থাকিল আৰু তেনেকৈয়ে সেইবোৰো উদ্বোধন কৰিলে। আধৰুৱা ভাৱেই উদ্বোধন কৰা আঁচনি সমূহৰ ভিতৰত ডিব্ৰুগড়ৰ উপকণ্ঠ বৰবৰুৱা উন্নয়ন খণ্ডৰ আঁচনিখনো অন্যতম ।কেইবা লাখ টকা ব্যয়েৰে নিৰ্মান কৰিও আজিও মুকলি মঞ্চটো উদ্যানৰ নামত গজি উঠা হাবি জঙ্ঘলৰ মাজত জৰাজীৰ্ণ হৈ অনাদৃত ভাৱে পৰি ৰৈছে,ঠিক যেন সাগৰ তীৰত পৰি ৰোৱা শামুকৰ খোলাৰ দৰে।
৮ চেপ্তেম্বৰৰ মহান শিল্পীগৰাকীৰ জন্মদিনৰ দিনা,দলীয় ৰাজনীতি পৰিহাৰ কৰি শাসনাধীস্থ চৰকাৰে মহান শিল্পী গৰাকীৰ স্মৃতি ৰক্ষাৰ স্বাৰ্থত এই আধৰুৱা আঁচনিৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা হাতত লবলৈ আগবাঢ়ি আহি বিশ্ববিশ্ৰুত শিল্পীগৰাকীক জন্মদিনৰ উপহাৰ যাচিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি গণনাট্য সংঘৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি নেওগে অসমৰ সংবাদ মাধ্যমৰ যোগে আহ্বান জনাইছে।

[ ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা ]

Leave a Reply

Your email address will not be published. Required fields are marked *