Monday , September 21 2020
শেহতীয়া খবৰ

ভেৰাইটিজ কৰ্ণাৰ’ৰ স্বত্বাধিকাৰ, বাতৰি কাকতৰ এজেন্ট অনুপ কুমাৰ দাসৰ মৃত্যু

গণ বাৰ্তা, ডুমডুমা, ৫ ছেপ্টেম্বৰ :  তিনিচুকীয়া নগৰৰ ন-পুখুৰী অঞ্চলৰ ৰাজাআলি আদৰ্শ পথৰ নিবাসী, সমাজকৰ্মী, সৰবৰহি ব্যক্তি, তিনিচুকীয়া নগৰৰ তিনিকোণীয়াত থকা উজনি অসমৰ অন্যতম কাকত এজেঞ্চি ‘ভেৰাইটিজ কৰ্ণাৰ’ ৰ স্বত্বাধিকাৰী অনুপ কুমাৰ দাস(৫৭)ৰ কালি মৃত্যু হয়। গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ।মৃত্যুৰ সময়ত তেখেতে পত্নী, দুগৰাকী কন্যা, এজন পুত্ৰ, এজন ভাতৃ সহ বহু আত্মীয় স্বজন আৰু গুণমুগ্ধক এৰি থৈ গৈছে ৷
উল্লেখযোগ্য যে, অনুপ কুমাৰ দাসে আশীৰ দশকৰ প্ৰথম ভাগতে কাকত বিতৰণ কৰাৰ লগতে আলোচনী বিক্ৰী কৰি জীৱিকাৰ পথ মুকলি কৰি পৰিয়ালটোক পোহপাল দিছিল । পৰৱৰ্তী সময়ত ’ভেৰাইটিজ কৰ্ণাৰ’ নামৰ কাকতৰ এজেঞ্চি গঢ় দিয়ে ৷ ২৫ খন আঞ্চলিক আৰু ৰাষ্টীয় পৰ্যায়ৰ কাকতৰ লগতে অসংখ্য আলোচনীৰো এজেণ্টৰূপে ব্যৱসায় চলাই অহা ’ভেৰাইটিজ কৰ্ণাৰ’ উজনি অসমৰ কাকত ব্যৱসায় ক্ষেত্ৰখনৰ এক পৰিচিত নাম হৈ পৰিছে ৷ তেখেতৰ দ্বাৰা পৰিচালিত এই এজেঞ্চিৰ পৰাই উজনি অসমত চাব এজেন্ট নিয়োগ কৰি বাতৰি কাকত প্ৰচলনত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। আনকি অৰ্ধ শতাধিক হকাৰ নিযুক্ত কৰি বহু পৰিয়াল চলাই থকাৰ লগতে সংস্থাপন প্ৰদান কৰি আহিছে। তেখেতৰ মৃত্যুত উজনি অসমৰ বাতৰি কাকত বিতৰক সন্থা, তিনিচুকীয়া প্ৰেছ ক্লাব, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতি, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থা আদি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ সমবেদনা জনাইছে।তেখেতৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *