Home Popular ভোট গণনাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে যোৰহাট জিলা প্ৰশাসনে

ভোট গণনাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে যোৰহাট জিলা প্ৰশাসনে

19
0

গণ বাৰ্তা , যোৰহাট, ২৯ এপ্ৰিল: অহা ২ মে ত অনুষ্ঠিত হব লগীয়া বিধানসভা নিৰ্বাচন ৰ ভোট গণনাৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যেই সম্পূৰ্ণ কৰি তুলিছে জিলা প্ৰশাসনে। শান্তি পূৰ্ণ ভাবে কভিড নীতি মানি চলি ভোট গণনা সম্পূৰ্ণ কৰিবৰ বাবে সকলো ব্যৱস্থা সাজু কৰি তোলা হৈছে। যোৰহাট নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৯৭ নং দেৰগাঁৱ বিধানসভা সমষ্টি, ৯৮ নং যোৰহাট বিধানসভা সমষ্টি আৰু ১০২ নং টীয়ক বিধানসভা সমষ্টিৰ বাবে এইবাৰ মুঠ ৫১ টা ৰাউণ্ডত ভোট গণনা সম্পন্ন কৰা হব। সেই অনুসৰি দেৰগাঁৱৰ বাবে ১৮ টা ৰাউণ্ড, যোৰহাটৰ বাবে ১৯ টা ৰাউণ্ড আৰু টীয়ক ৰ বাবে ১৪ টা ৰাউণ্ডত ভোট গণনা অনুষ্ঠিত হব। প্ৰত্যেক সমষ্টিৰ বাবে ২ টাকৈ হল ৰ ব্যৱস্থা কৰা হব। আৰু প্ৰত্যেক হলত থাকিব ৭ খনকৈ টেবুল। অৰ্থাৎ তিনিটা সমষ্টিৰ বাবে ভোট গণনাৰ মুঠ টেবুলৰ সংখ্যা হব ৪২ খন। আৰু মুঠ হল ৰ সংখ্যা হৈছে ৬ টা। আজি যোৰহাট আৱৰ্ত ভৱনত আয়োজন কৰা এক সংবাদমেলত এই বিষয়ে উল্লেখ কৰে যোৰহাট জিলা উপায়ুক্ত ৰশ্নি অপৰঞ্জী কৰাতিয়ে। সংবাদমেলত উপায়ুক্ত গৰাকীয়ে লগতে কয় যে, এইবাৰ বিধানসভা নিৰ্বাচনত দেৰগাঁও সমষ্টিৰ পৰা চাৰি গৰাকী , যোৰহাট সমষ্টিৰ পৰা চাৰি গৰাকী আৰু টীয়ক সমষ্টিৰ পৰা ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। ইয়াৰ বিপৰীতে পুলিং ষ্টেচন আছিল মুঠ ৭০২ টা। ২ মে ৰ পুৱা ৭ বজাত যোৰহাট চৰকাৰী বালিকা বিদ্যালয় ত থকা ষ্ট্ৰন ৰুম মুকলি কৰা হব। আৰু পুৱা ৮ বজাৰ পৰা গণনা কাৰ্য্য আৰম্ভ হব। ভোট গণনাৰ অন্তত বিজয়ৰ চাৰ্টিফিকেট গ্ৰহণ কৰাৰ সময়ত কেৱল প্ৰাৰ্থী গৰাকী আৰু দুজন সহযোগী উপস্থিত থাকিব পাৰিব। আনহাতে ভোট গণনা চলি থকা সময়ত গণনা স্থলীৰ বাহিৰত কোনো লোকে ভিৰ কৰিব নোৱাৰিব। ইয়াৰ বাবে সম্পূৰ্ণ বেৰীকেটৰ ব্যৱস্থা কৰা হব। ইতিমধ্যে ভোট গণনাৰ প্ৰতি লক্ষ্য ৰাখি কাউণ্টিং এজেন্ট, চুপাৰভাইজাৰকে ধৰি প্ৰায় ৬০০ গৰাকীৰ ইতিমধ্যেই কভিড পৰীক্ষা কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here