Home Main Stories ভোট নিদিলে, ভংগ হ’ল বিজেপিৰ সংখ্যালঘু মৰ্চা

ভোট নিদিলে, ভংগ হ’ল বিজেপিৰ সংখ্যালঘু মৰ্চা

35
0

সংখ্যালঘুয়ে বিজেপিক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে সৰৱ সভাপতি ৰঞ্জিত দাস

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ মে’:  ৰাজ্যৰ সংখ্যালঘু ভোটাৰসকলে বিজেপিক সম্পূৰ্ণৰূপে নস্যাৎ কৰিলে। আশা কৰাৰ দৰে বিজেপিয়ে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত লাভ নকৰিলে ভোট। আনকি শাসকীয় দল বিজেপিত বিগত সময়ছোৱাত যোগদানৰ ঢৌ উঠিছিল। বহু সংখ্যালঘু নেতাই আন দল ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিছিল। সংখ্যালঘুসকলে যি হাৰত বিজেপিত যোগদান কৰিছিল সেই ক্ষেত্ৰত সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহতো বিজেপিয়ে এক সাংগঠনিক ভেটি মজবুত কৰিবলৈ সক্ষম হৈছিল বুলি আশা কৰিছিল। কিন্তু সদ্যসমাপ্ত অসম বিধানসভাৰ নিৰ্বাচনত সেয়া দেখিবলৈ পোৱা নগ’ল।

আশা কৰাৰ দৰে বিজেপিয়ে লাভ নকৰিলে সংখ্যালঘুৰ ভোট। আনকি প্ৰতিটো অঞ্চলতেই বিজেপিয়ে ২০জনীয়া বুথ সমিতি গঠন কৰিছিল। সেই ২০জনীয়া সমিতিসমূহতো বিজেপিয়ে কমকৈ ভোট লাভ কৰিলে। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া অসম প্ৰদেশ বিজেপি সংখ্যালঘুসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে। ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিক সংখ্যালঘু অধ্যুষিত অঞ্চলৰ লোকসকলে আস্থাত নোলোৱা বাবে তথা কমকৈ ভোট দিয়াৰ বাবেই অসম প্ৰদেশ সংখ্যালঘু মৰ্চা ভংগ ঘোষণা কৰিছে।

আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশ মৰ্মে অসম প্ৰদেশ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সমিতি, জিলা সমিতি আৰু মণ্ডল সমিতিসমূহক ভংগ ঘোষণা কৰিছে। সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত বিজেপিয়ে কমকৈ ভোট লাভ কৰাৰ বাবেই ৰাজ্যিক বিজেপিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত বিজেপিৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ বিজেপিৰ সভাপতিৰ তৎপৰতাত অসম প্ৰদেশ সংখ্যালঘু মৰ্চা গঠন কৰা হৈছিল। সভাপতি মোকতাৰ হুছেইন খানৰ নেতৃত্বত প্ৰান্তে প্ৰান্তে জিলা, বুথ আৰু মণ্ডল সমিতি গঠন কৰা হৈছিল। বিগত সময়ছোৱাত সংখ্যালঘু মৰ্চাৰ সভাসমূহত দেখিবলৈ পোৱা গৈছিল যে হিল-দ’ল ভাঙি সংখ্যালঘুসকলে গেৰুৱা বসন পৰিধান কৰিছিল। আনকি এইবাৰো বিধানসভা নিৰ্বাচনত কে’বাজনো সংখ্যালঘু লোকক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। কিন্তু আশা কৰাৰ দৰে বিজেপিৰ ধৰ্মীয় সংখ্যালঘু প্ৰাৰ্থীসকলে লাভ নকৰিলে ভোট। অঞ্চলসমূহত বিজেপিয়ে গঠন কৰা ২০জনীয়া বুথ সমিতিয়েও বিজেপিক প্ৰদান নকৰিলে ভোট। যাৰ পৰিপ্ৰেক্ষিতত সংখ্যালঘুসকলে বিজেপিক কৰা এনে প্ৰতাৰণাৰ বাবে তৎকালীনভাৱে বলৱৎ হোৱাকৈ সংখ্যালঘু মৰ্চাৰ ভংগ ঘোষণা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here