Monday , September 21 2020
শেহতীয়া খবৰ

ভয়াৱহতাৰে বিশ্বজুৰি বৃদ্ধি পাব নিৱনুৱাৰ সংখ্যা, তিনি মাহত বিশ্বজুৰি ৩০ কোটিতকৈ অধিক লোকে চাকৰি হেৰুৱাৰ সম্ভাৱনা

নতুন দিল্লীঃ সমগ্ৰ বিশ্বৰ মানৱ জাতিলৈ ভাবুকি কঢ়িয়াই অনা কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ বিশ্বৰ বহু দেশ বৰ্তমান দিঘলীয়া সময়ৰ বাবে লকডাউনৰ কৱলত আছে। ফলত বিশ্বজুৰি অধিকাংশ দেশৰ বেপাৰ-বাণিজ্য সকলোবোৰ বন্ধ হৈ পৰিছে। এখন দেশৰ লগত আন এখন দেশৰ পূৰ্বৰ দৰে যোগসূত্ৰ তথা বেপাৰ বাণিজ্য প্ৰায় বন্ধ হৈ পৰিছে। যিহেতু বিশ্বজুৰি সকলোধৰণৰ যাতায়ত ব্যৱস্থা বন্ধ হৈ আছে তথা পৰিছে। এনেক্ষেত্ৰত যাতায়ত সেৱাৰ লগতে ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকল বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। সকলো ধৰণৰ ব্যৱসায় বাণিজ্য বন্ধ হৈ পৰাত ইয়াৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে জড়িত স্থায়ী তথা অস্থায়ী কৰ্মচাৰী সকলৰ চাকৰি ভৱিষ্যতলৈ সংকত নামি আহিছে। যিহেতু বিশ্বজুৰি উদ্যোগ প্ৰতিষ্ঠানসমূহে কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। এনেক্ষেত্ৰত বৃহৎ সংখ্যক লোক কোৰোনা ভাইৰাছৰ মহামাৰীৰ বাবে নিৱনুৱা হোৱাৰ দিশে অগ্ৰসৰ হৈছে। অৰ্থাৎ কোৰোনা ভাইৰাছৰ সমান্তৰালকৈ বিশ্ববাসীয়ে আন এক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

বিশ্বত হুৰাহুৰে চাকৰিৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে আৰু নিৱনুৱাৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে। বিশ্বৰ দেশসমূহৰ চৰকাৰসমূহে দেশখনৰ অৰ্থব্যৱস্থা সুস্থিৰ ভাবে চলাই নিবলৈ তথা বেপাৰ বাণিজ্যৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন কিছু শিথিল কৰাৰ লগতে বৃহৎ বৃহৎ ধনৰ পেকেজ ঘোষণা কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয়। যিহেতু লকডাউনৰ কৱলত থকাৰ বাবে বিশ্বৰ ব্যৱসায় বাণিজ্য সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু লোকচানৰ সন্মুখীন হৈছে। আমেৰিকাৰ দৰে শক্তিশালী ৰাষ্ট্ৰত অভাৱনীয় হাৰত নিৱনুৱাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। যোৱা দুটা মাহত আমেৰিকাত অভাৱনীয় হাৰত নিৱনুৱাৰ সংখ্যা বৃদ্ধি পাইছে।

কোৰোনা ভাইৰাছৰ প্ৰকোপৰ প্ৰতি দেশখনৰ বহু চহৰ লকডাউনৰ কৱলত থাকিবলগীয়া বহু লোক এতিয়া নিৱনুৱা হৈ পৰিছে। ৩ কোটিতকৈ অধিক আমেৰিকাৰ লোক এতিয়া নিৱনুৱা হোৱাৰ দিে শ গতি কৰিছে তথা হৈ পৰিছে। যিটো দেশখনৰ বাবে ভয়াৱহ। উন্নত ৰাষ্ট্ৰত লকডাউনৰ বাবে এনে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ’লে উন্নয়নশীল ৰাষ্ট্ৰত ইয়াৰ কেনে প্ৰভাৱ পৰিব সেইটো চিন্তনীয় বিষয় হৈ পৰিছে। যিহেতু উন্নয়নশীল ৰাষ্ট্ৰসমূহতো দীঘলীয়া সময়ৰূপে লকডাউনৰ কৱলত আছে। ভাৰতটো দুটা পৰ্যায়ৰ লকডাউন চলি থকাৰ সময়তে আজি তৃতীয়টো পৰ্যায়ৰ লকডাউনৰ কথা ঘোষণা কৰিছে চৰকাৰে। ১৭মে’লে দেশত তৃতীয় পৰ্যায়ৰ লকডাউন বলবৎ থাকিব। অৰ্থাৎ ১৭মে’লৈ দেশৰ প্ৰায়সমূহ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ থাকিব। ব্যৱসায় বাণিজ্যৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে জড়িত লোকসকল তথা কৰ্মচাৰী ঘৰতে বহি থাকিব লাগিব। ফলত দেশৰ বৃহৎসংখ্যক ব্যৱসায় বাণিজ্যৰ লগত প্ৰত্যক্ষ তথা পৰোক্ষভাৱে জড়িত সকল এতিয়া চিন্তিত হৈ পৰিছে।

অনাগত ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ ধৰিছে কৰ্মচাৰীসকলে। যিহেতু দেশৰ বহু উদ্যোগ প্ৰতিষ্ঠানে কৰ্মচাৰী হ্ৰাস কৰাৰ সিদ্ধান্ত হাতত লৈছে। ইয়াৰ উপৰি আন কিছু উদ্যোগ প্ৰতিষ্ঠানে বেতন হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। দেশৰ প্ৰখ্যাত উদ্যোগ প্ৰতিষ্ঠান ৰিলাইন্সে তেওঁলোকৰ কৰ্মচাৰীসকলৰ মাহিলী বেতন ১০-৫০% হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ লকডাউনৰ ফলত ৰিলায়ন্সৰ দৰে বৃহৎ উদ্যোগ প্ৰতিষ্ঠান এতিয়া লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। সেই লোকচানৰ পৰিমাণ হ্ৰাস কৰিবলৈ ৰিলায়ন্সৰ দৰে উদ্যোগ প্ৰতিষ্ঠানে কৰ্মচাৰীৰ বেতন হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। আনহাতে আন কিছু উদ্যোগ প্ৰতিষ্ঠানে কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। ফলত দেশৰ বৃহৎসংখ্যক লোক এতিয়া নিৱনুৱা হোৱাৰ দিশে গতি কৰিছে। শেহতীয়াকৈ ফেডাৰেশ্যন অৱ ইণ্ডিয়া এক্সপোৰ্ট অৰ্গেনাইজেছনে প্ৰকাশ কৰিছে যে ৰপ্তানি খণ্ডৰ লগত জড়িত ১.৫ কোটি কৰ্মচাৰীয়ে চাকৰি হেৰুৱাৰ সম্ভাৱনা আছে। এই বৃহৎ সংখ্যক লোকৰ চাকৰি জীৱনলৈ ভাবুকি নামি আহিছে বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। যি সময়ত দেশত বৃহৎ হাৰত পূৰ্বৰে পৰা নিৱনুৱাৰ লোক আছে। তেনে সময়ত এই তথ্যই আৰু অধিক ভয়াৱহতাৰ সৃষ্টি কৰিছে।

কোৰোনা ভাইৰাছে দেশত আন এক ভয়াৱহতাৰ সৃষ্টি কৰাৰ আশংকা আছে। কোৰোনা মহামাৰীয়ে দেশত ভয়াৱহভাৱে নিৱনুৱা সংখ্যাৰ বৃদ্ধি কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। যিহেতু দেশজুৰি চলি থকা লকডাউনৰ বাবে খুচুৰা তথা ক্ষুদ্ৰ উদ্যোগৰ লগত জড়িত ৮০লাখ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাটো নিশ্চিত হৈ পৰিছে। শেহতীয়াকে ৰিটেইলাৰ্চ এছ’চিয়েচন অৱ ইণ্ডিয়া (আৰএআই)এ দেশত চলোৱা এক সমীক্ষাত এক ভয়াৱহ তথ্য পোহৰলৈ আহিছে। লকডাউনৰ সময়ছোৱাত চলোৱা সমীক্ষা অনুসৰি দেশৰ ক্ষুদ্ৰ উদ্যোগৰ লগত জড়িত ৮০ লাখ কৰ্মচাৰীৰ চাকৰি ভৱিষ্যতলৈ সংকট নামি আহিছে। সংস্থাটোৱে দেশৰ ৭৬৮খন ক্ষুদ্ৰ উদ্যোগৰ ওপৰত অধ্যয়ণ চলায় এই তথ্য প্ৰকাশ কৰিছে। যিয়ে সমগ্ৰ দেশত ৩৯২৯৬৩ লোকক জীৱিকা তথা কৰ্মসংস্থাপন দি আহিছে। কিন্তু কোৰোনা মহামাৰীৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ বাবে সন্মুখীন হোৱা লোকচানৰ বাবে বিভিন্ন ক্ষুদ্ৰ বিক্ৰেতা সকলে বৃহৎসংখ্যক লোকক চাকৰিৰ পৰা খেদি পঠিওৱাৰ যো জা চলাইছে।

ক্ষুদ্ৰ বিক্ৰেতাসকলে এতিয়া উপায়বিহীন হৈ বিদ্যুৎ বিল, জিএছটি, কৰ, ঋণকে ধৰি আদিত সকাহ দিবলৈ চৰকাৰলৈ অনুৰোধ জনাইছে। কেৱল ভাৰততে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। বিশ্বজুৰি একেই অৱস্থা। সকলোতে এতিয়া কৰ্মচাৰী হ্ৰাস কৰাৰ চিন্তা-চৰ্চা। যাৰ বাবে ৰাষ্ট্ৰসংঘৰ শ্ৰমিক সংগঠনে আশংকা প্ৰকাশ কৰিছে যে কোৰোনা ভাইৰাছৰ প্ৰভাৱৰ বাবে জুন মাহলৈ বিশ্বজুৰি ৩০কোটিতকৈ অধিক লোকে চাকৰি হেৰুৱাৰ সম্ভাৱনা আছে। আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংগঠনে চাকৰি হেৰুৱাৰ সংখ্যা পূৰ্বৰ তুলনাত এইবাৰ বৃদ্ধি কৰিছে। সংগঠনটোৱে প্ৰকাশ কৰা অনুসৰি এপ্ৰিলৰ পৰা জুনৰ সময়ছোৱাত কেৱল তিনিমাহতেই বিশ্বজুৰি কমেও ৩০.৫ কোটি লোকে চাকৰি হেৰুৱাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে সংগঠনটোৱে এই তিনিমাহত ১৯.৫ কোটি লোকে চাকৰি হেৰুৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছিল। কিন্তু বিশ্বজুৰি কোৰোনা ভাইৰাছৰ মাহমাৰী বৃদ্ধি আৰু লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ ইয়াৰ সংখ্যা পূৰ্বৰ তুলনাতকৈ বৃদ্ধি কৰিছে ৰাষ্ট্ৰসংঘৰ আন্তৰাষ্ট্ৰীয় শ্ৰমিক সংগঠনটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *